আজি মুকলি হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণা-নতুন বিল্ডিং সংযোগী সুৰংগ পথ

আজি মুকলি হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণা-নতুন বিল্ডিং সংযোগী সুৰংগ পথ

অৱশেষত আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণা বিল্ডিং আৰু নতুন বিল্ডঙৰ মাজত নিৰ্মীয়মাণ অত্যাধুনিক সুৰংগ। ২১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক সুৰংগটো আজি আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এছ বোপান্নাই। উল্লেখ্য যে অত্যাধুনিক সুৰংগটোত লিফ্টৰ ব্যৱস্থাৰ উপৰি জনসাধাৰণৰ নিৰাপত্তাৰ বাবে সংস্থাপন কৰা হৈছে চিচি টিভিৰ ব্যবস্থাও। ইয়াৰ উপৰি সুৰংগটোত   সংযোজন কৰা হৈছে শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা। ২১ কোটি টকাৰে নিৰ্মাণ কৰা সুৰংগটোৰ কাম আৰম্ভ হৈছিল ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত।

বহু সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি বিল্ডিঙৰ পৰা নতুন বিল্ডিঙলৈ অহা-যোৱা কৰোঁতে অধিবক্তাৰ লগতে জনসাধাৰণৰ সমস্যাৰ সৃষ্টি হৈছিল যান-বাহনৰ পৰা। লগতে বহু সময়ত উচ্চ ন্যায়ালয়খনৰ পুৰণা বিল্ডিং আৰু নতুন বিল্ডিঙৰ মাজৰ পথছোৱাত ব্যাপক যান-জঁটৰ সমস্যাৰ সৃষ্টি হৈছিল। সেই সমস্যা আঁতৰ কৰাৰ বাবেই নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক সুৰংগটো। ইফালে আজি সুৰংগটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছতে অধিবক্তাসকলৰ মাজত দেখিবলৈ পোৱা গৈছে এক আনন্দমুখৰ পৰিবেশ।
 এই সুৰংগটোৱে এতিয়া উচ্চ ন্যায়ালয়খনৰ নিৰাপত্তাৰ দিশটোতো এক নতুন দিগন্তৰ সূচনা কৰিছে।
 

Your Comments