গুৱাহাটীৰ পানীযোগান সমস্যা স্থায়ী সমাধানৰ দাবীত ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)ৰ গুৱাহাটী আঞ্চলিক সমিতিয়ে গ্ৰহণ কৰে এক বিক্ষোভ সমাবেশ। মহানগৰীৰ পাণবজাৰস্থিত ডনবস্কোৰ সন্মুখৰ পৰা গ্ৰহণ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় তিনি শতাধিক সদস্যই। বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি চিপিআই (এম)ৰ গুৱাহাটী আঞ্চলিক সমিতিৰ সম্পাদক কাশ্যপ চৌধুৰীয়ে কয়, ৪,০৭২ কোটি টকা ব্যয় কৰি ২০০৯ চনতে গুৱাহাটী পানীযোগান আঁচনিৰ কাম আৰম্ভ কৰা হৈছিল।
আঁচনিৰ কাম আৰম্ভ কৰিয়েই সেই সময়ত কংগ্ৰেছ চৰকাৰে ঘোষণা কৰিছিল ৩৬ মাহত সম্পূৰ্ণ কৰা হ'ব গুৱাহাটী পানীযোগান আঁচনিৰ প্ৰকল্প। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে ৩৬ মাহত শেষ হোৱা কাম আজি পৰ্যন্ত শেষ নহ'ল। ফলত গুৱাহাটী মহানগৰীত দুই তৃতীয়াংশ বাসিন্দা আজি পানীৰ সমস্যাত পৰা দেখিবলৈ পোৱা গৈছে। সেইবাবে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকৰ দাবী, গুৱাহাটী পানীযোগান আঁচনিৰ কাম অতি সোনকালে সমাপ্ত কৰিব লাগে।
লগতে ৩৬ মাহতে সম্পূৰ্ণ হ'বলগা কাম কিয় আজি পৰ্যন্ত শেষ হোৱা নাই তাৰ চিবিআই তদন্তৰো দাবী জনায়। ইয়াৰ উপৰি তেওঁ কয় যে প্ৰতিমাহত মহানগৰবাসীক বিনামূলীয়াকৈ ২০ হাজাৰ লিটাৰ পানী যোগান ধৰিব লাগে। আজিৰ এই বিক্ষোভ সমাবেশত তেওঁলোকৰ দাবী, বস্তি অঞ্চলসমূহক অধিসূচিত কৰি উক্ত অঞ্চলসমূহ উন্নয়নৰ বাবে নিৰ্দিষ্ট বিভাগক দায়িত্ব দিব লাগে। লগতে বস্তি অঞ্চলসমূহত বসবাস কৰা জনসাধাৰণৰ বাবে উপযুক্ত বাসস্থানৰ ব্যৱস্থা কৰাৰ দাবী জনায়।
লগতে জানিবলৈ দিয়ে যে ২০১৩ চনৰ এক সমীক্ষামতে মহানগৰীত মুঠ ১৬৩টা বস্তি আছে৷ উল্লেখ্য যে আজি এই বিক্ষোভ কাৰ্যসূচী কামৰূপ (ম) জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈকে গ্ৰহণ কৰা হয়। প্ৰতিবাদৰ অন্তত তেওঁলোকৰ দাবী সমাধানৰ বাবে জিলা উপায়ুক্তক এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।
- Log in to post comments
- 9 views