লোকসভাৰ ১৪ আসনত প্ৰাৰ্থী নিদিয়ে অগপই

লোকসভাৰ ১৪ আসনত প্ৰাৰ্থী নিদিয়ে অগপই

লোকসভা নিৰ্বাচনত ১৪টা সমষ্টিতে প্ৰাৰ্থী নিদিয়ে অসম গণ পৰিষদে। এই কথা আনুষ্ঠানিকভাৱে ঘোষণা দলৰ সভাপতি অতুল বৰাৰ। 
ইফালে অগপ-বিজেপিৰ লোকসভা নিৰ্বাচনত পুনৰ মিত্ৰতা হ'ব নেকি বুলি সোধা প্ৰশ্নত সভাপতি অতুল বৰাই কয়- মিত্ৰতা হ'বনে নহয় সেয়া ৯জনীয়া লোকসভা নিৰ্বাচনৰ ৰণকৌশল কমিটীয়ে সিদ্ধান্ত ল'ব। কিন্তু বৰ্তমান সময়লৈকে মিত্ৰতা সন্দৰ্ভত কোনো আলোচনা কৰা নাই বুলিও উল্লেখ কৰে সভাপতি বৰাই। তেওঁ লগতে কয় যে দলে মিত্ৰতাৰে নিৰ্বাচন খেলিব নে অকলেই খেলিব এই বিষয়ত অতি সোনকালে ৰাইজক অৱগত কৰাব৷

Your Comments