দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ : তৰুণ গগৈ

দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ : তৰুণ গগৈ

দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰখন এতিয়া সম্পূৰ্ণ ব্যৰ্থ। তাৰেই উদাহৰণ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰী। এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰী সন্দৰ্ভত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে দিছ্পুৰত এক সংবাদমেল সম্বোধন কৰি এইদৰে কয়। ইয়াৰ উপৰি নিযুক্তি কেলেংকাৰী তদন্তৰ বাবে শুকুৰবাৰে মুখ্য মন্ত্ৰীগৰাকীয়ে অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক দায়িত্ব দিয়া সন্দৰ্ভত তেওঁ কয় যে তদন্ত ঘোষণা কৰাটো এক ভেঁকো-ভাওনাৰ বাহিৰে আন একো নহয়।

ইফালে ৰাজ্যৰ সকলো দল-সংগঠনে সমগ্ৰ বিষয়টো তদন্তৰ বাবে চিবিআইক দায়িত্ব দিব লাগে বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয়- সোণোৱাল চৰকাৰে চিবিআইলৈ ভয় কৰে। ৰাজ্যত বিষাক্ত সুৰা সেৱন কৰি ডেৰ শতাধিকতকৈ অধিক মানুহৰ মৃত্যু হ'ল৷ কিন্তু চৰকাৰখনে ঘটনাটো উচিত তদন্তৰ বাবে চিবিআইক দায়িত্ব দিবলৈ সাহস নকৰিলে। লগতে গগৈয়ে তাৎপৰ্যপূৰ্ণভাৱে কয় যে আবকাৰী বিভাগৰ দুৰ্নীতিৰ বাবেই ৰাজ্যত চুলাই কাণ্ড সংঘটিত হৈছে। ইফালে এই সংবাদমেলতে মুখ্য মন্ত্ৰীক প্ৰত্যাহ্বান জনাই কয় যে যদি সৎ সাহস আছে তেন্তে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দুৰ্নীতি তদন্তৰ বাবে চিবিআইক দায়িত্ব দিয়ক।

সংবাদমেলত তেওঁ দাবী জনায় যে এপিএছচি তদন্তৰ দায়িত্বও চিবিআইক দিব লাগে। বিজেপি দলে দুৰ্নীতিৰ দিশত কংগ্ৰেছ দলক কেতিয়াবাই পিছ পেলালে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইয়াৰ উপৰি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা ৰাফেল ক্ৰয়ৰ ফাইল চুৰি হোৱা বিষটো সন্দৰ্ভত কয় যে মোডীয়ে কি দেশ ৰক্ষা কৰিব, য'ত নেকি স্বয়ং প্ৰতিৰক্ষা বিভাগৰ পৰাই নথি চুৰি হয়। 
আনহাতে, অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে জানে তেওঁলোকে অকলে কেতিয়াও নিৰ্বাচনত জয়ী হ'ব নোৱাৰে। সেয়েহে অগপক তেওঁলোকক লাগিবই।

লগতে তেওঁ অগপ সন্দৰ্ভত কয় যে অগপ এতিয়া বিজেপি দলৰ ঘৰজোঁৱাই। ইয়াৰ উপৰি মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূবত এনপিপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব বুলি কৰা ঘোষণা সন্দৰ্ভত গগৈয়ে কয় যে এনপিপি হৈছে বিজেপি দলৰ 'বি টীম'।
 

Your Comments