নৱ কুমাৰ দলেয়ে মুখ্য মন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসমত ৰচিলে ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰী : ঐক্য সেনা

 নৱ কুমাৰ দলেয়ে মুখ্য মন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসমত লিপিবদ্ধ কৰিলে ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰী : ঐক্য সেনা

মুখ্য মন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসমৰ শ্লোগান অসাৰত পৰিণত। বিজেপি চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেয়ে মুখ্য মন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসমত লিপিবদ্ধ কৰিলে ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰী। এই গুৰুতৰ অভিযোগ ঐক্য সেনা, অসমৰ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত হোৱা অনিয়মৰ সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাবত সংগঠনটোৱে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সভাপতি সঞ্জীৱ মহন্তই কয় যে মন্ত্ৰী নৱ কুমাৰ দলেসহ বিভাগটোৰ দায়িত্বত থকা বিষয়া দিতিমণি পেগু, এছ এ লস্কৰ, জ্যোৎস্না পেগু আৰু চাহাৰ বৰভূঞাক শীঘ্ৰে তদন্তৰ আওতালৈ আনিব লাগে।

ইয়াৰ উপৰি আজি সংবাদমেলখনত তেওঁলোকে দাবী জনাই কয় যে কেৱল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী আৰু বিষয়াকে যে তদন্তৰ আওতালৈ আনিব লাগে তেনে নহয়। সমগ্ৰ বিষয়টোৰ উচিত বিচাৰ হ'বলৈ হ'লে এই বক্র পথেৰে চাকৰি লোৱা প্ৰতিজন ৰাজনৈতিক নেতা-পালিনেতা, আত্মীয় তথা ঘনিষ্ঠ সকলোকে তদন্তৰ আওতালৈ আনি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। এই শাস্তি এপিএছচিৰ বিষয়াসকলতকৈও অধিক কঠোৰ হ'ব লাগে বুলি তেওঁ কয়।

আনহাতে, এই সংবাদমেলতে সংগঠনটোৰ মুখ্য মুখপাত্ৰ কমল কুমাৰে কয় যে কেৱল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগতে যে নিযুক্তিত কেলেংকাৰী হৈছে এনে নহয়। অসম চৰকাৰ তথ্য আৰু জনসংযোগ বিভাগতো নিযুক্তিৰ নামত হৈছে ব্যাপক অনিয়ম। কাৰণ একেদিনাই পৰীক্ষা পাতি বিভাগটোৱে ঘোষণা কৰিছে ফলাফল। যিটো নেকি কেতিয়াও সম্ভৱ নহয় বুলিও উল্লেখ কৰে। 

আনহাতে, এই সংবাদমেলতে সংগঠনটোৱে ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱ-যুৱতীসকলক আহ্বান জনাই কয়- বিজেপি চৰকাৰক অন্যায়ৰ উচিত শিক্ষা আগন্তুক লোকসভা নিৰ্বাচনত দিব লাগে। আজিৰ এই সংবাদমেলত সংগঠনটোৰ উপ-সভানেত্ৰী অণিমা ভূঞা, মুখ্য সম্পাদক শ্বহীদুল ইছলামো উপস্থিত থাকে।

Your Comments