পঞ্চায়ত আৰু গ্ৰামোন্নয়নত নিযুক্তি কেলেংকাৰী : ১১ মাৰ্চত মুখ্য কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী কৃষক মুক্তিৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়নত নিযুক্তি কেলেংকাৰী : ১১ মাৰ্চত মুখ্য কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী কৃষক মুক্তিৰ

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ নামত সংঘটিত হ'ল ইতিহাসৰ সৰ্ববৃহৎ কেলেংকাৰী৷ এই গুৰুত্বপূৰ্ণ মন্তব্য কৃষক নেতা অখিল গগৈৰ। আজি কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি কৃষক নেতাগৰাকীয়ে লগতে কয় যে মুখ্য মন্ত্ৰীয়ে নিযুক্তিৰ নামত হোৱা কেলেংকাৰী সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক তদন্তৰ বাবে নির্দেশ দিয়াটো হাস্যকৰ কথা।

কিয়নো জিষ্ণু বৰুৱাই ইয়াৰ পূৰ্বতেও যোৱা ৫ ছেপ্টেম্বৰত সংঘটিত হোৱা ব্ৰহ্মপুত্ৰৰ নাও দুর্ঘটনাৰ তদন্ত কৰিছিল। কিন্তু আজিলৈকে তদন্তৰ প্ৰতিবেদন দিব নোৱাৰিলে। আকৌ সেই একেজন ব্যক্তিয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দুৰ্নীতিৰ উচিত তদন্তৰ প্ৰতিবেদন যে দিব সেয়াও বিশ্বাস কৰিব নোৱাৰি। লগতে কৃষক নেতাগৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে কয় যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে যেতিয়া দুৰ্নীতি হোৱাৰ কথা প্ৰথম পোহৰলৈ আহিছিল, তেতিয়াই সমগ্ৰ বিষটো চিআইডি তদন্তৰ নির্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

কিন্তু চিআইডিয়ে তদন্তৰ কৰি থকা সময়তে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিজাববীয়াকৈ সমগ্ৰ বিষয়টো তদন্ত কৰি কেৱল মাত্ৰ ৰঙিয়া পৰীক্ষা কেন্দ্ৰত অনিময়ম হোৱা বুলি উচ্চ ন্যায়ালয়ক প্ৰতিবেদন দি নিযুক্তিৰ বাবে এটা অৰ্ডাৰ উলিয়াইছিল। সেই অৰ্ডাৰৰ পাছতে চিআইডিয়েও সমগ্ৰ বিষয়টো তদন্ত কৰি অসমত পৰীক্ষা অনুষ্ঠিত হোৱা মুঠ ১৪খন জিলাৰ ৯খন জিলাতে পৰীক্ষাত ব্যাপক অনিয়ম হোৱা বুলি উচ্চ ন্যায়ালয়ত এখন প্ৰতিবেদন দিছিল। সেই প্ৰতিবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে পূৰ্বতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক দিয়া নিযুক্তি অনুমতি স্থগিত ৰাখিবৰ বাবে এক জাননী জাৰি কৰিছিল। কিন্তু অতি পৰিতাপৰ কথা যে বিজেপি চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আদালতৰ সেই স্থগিত নিৰ্দেশক অমান্য কৰি প্ৰথমে দিয়া প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই মন্ত্ৰী নৱ কুমাৰ দলেয়ে বিজেপি-আৰ এছ এছৰ সদস্যৰ লগতে নিজৰ আত্মীয়ক নিযুক্তি প্ৰদান কৰে বুলিও উল্লেখ কৰে কৃষক নেতা অখিল গগৈয়ে। 

আনহাতে, কৃষক নেতাগৰাকীয়ে এই সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ভাষ্যৰ আঁতধৰি কয় যে শুকুৰবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে পৰীক্ষা অনুষ্ঠিত কৰা ব্লুম ইলেকট্ৰনিক্‌ছ নামৰ কোম্পানীটো বিজেপি-আৰ এছ এছৰ নেতা ৰাম মাধৱৰ বুলি উল্লেখ কৰিছিল। গতিকে যদি সেয়াই সত্য হয় তেন্তে তদন্তৰ দায়িত্ব পোৱা জিষ্ণু বৰুৱাই যে ৰাম মাধৱৰ কোম্পানীৰ বিৰুদ্ধে কেলেংকাৰীৰ উচিত তদন্ত কৰিব পাৰিব সেই কথা আশা নকৰাই ভাল বুলি উল্লেখ কৰে। 

ইফালে ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে 'নিজেও টকা নাখাওঁ আনকো  টকা খাবলৈ নিদিওঁ' বুলি কোৱা মন্তব্য সন্দৰ্ভত কয় যে মুখ্য মন্ত্ৰীয়ে মুখত কোৱা কথা এতিয়া কাৰ্যত ব্যৱহাৰ কৰিব পৰা নাই। ফলত এতিয়া প্ৰয়োগ হৈছে 'নিজেও খাইছোঁ আনকো খাবলৈ দিছোঁ' এই নীতি। আনহাতে, এই সংবাদমেলৰ জৰিয়তে ৰাজ্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰত্যাহ্বান জনাই কৃষক মুক্তি সংগ্রাম সমিতিয়ে নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ বিচাৰি ৬দফীয়া দাবীৰে এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰাৰ কথাও জানিবলৈ দিয়ে। স্মাৰক-পত্ৰত উল্লেখ থকামতে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে।

সমগ্ৰ বিষয়টো চিবিআই তদন্তৰ জৰিয়তে গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেক সোণোৱাল মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰিব লাগে। পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা ব্লুম ইলেকট্ৰনিক্‌ছক উচিত শাস্তিসহ ব্লেক লিষ্টেড কৰিব লাগে। লগতে এজন দায়িত্বশীল মুখ্য মন্ত্ৰী হিচাপে ৰাইজৰ ওচৰত দুখ প্ৰকাশ কৰি ক্ষমা খুজিব লাগে বুলি উল্লেখ কৰে। ইফালে এই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত কৃষক মুক্তি সংগ্রাম সমিতিয়ে অহা ১১ মাৰ্চত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পাঞ্জাবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে। আনহাতে, তাৎপৰ্যপূৰ্ণভাৱে কৃষক নেতাগৰাকীয়ে কয় যে এই কেলেংকাৰীয়ে যুৱ-প্ৰজন্মক চৰকাৰী চাকৰিৰ প্ৰতি আস্থা নোহোৱা কৰিব৷ 

Your Comments