টে'ট শিক্ষকৰ ৰঙা চকুলৈ মই কেতিয়াও ভয় নকৰো : শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

টে'ট১শিক্ষকৰ১ৰঙা১চকুলৈ১মই১কেতিয়াও১ভয়১নকৰো১ো১শিক্ষামন্ত্ৰী১সিদ্ধাৰ্থ১ভট্টাচাৰ্য

ঠিকাভিত্তিক টে'ট শিক্ষকৰ আন্দোলন সন্দৰ্ভত ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সকীয়নিমূলক মন্তব্য। গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয়- "প্ৰতিবাদ কৰি নিজৰ প্ৰাপ্য ল'ব নোৱাৰে কোনো শিক্ষকে। টে'ট শিক্ষকৰ ৰঙা চকুলৈ মই কেতিয়াও ভয় নকৰো। আন্দোলনৰ পৰিৱৰ্তে শিক্ষকসকলে নিজৰ দায়িত্ব পালন কৰক।" লগতে তেওঁ কয় যে মোক হেঁচা প্ৰদান কৰি কোনেও কাম আদায় কৰিব নোৱাৰে।

সদিচ্ছা আৰু সঁচা হ'লে মই নিজে মূৰ দোৱাম বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰি শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক আন্দোলনৰ কাৰ্যসূচীৰ পৰা আঁতৰি থকাৰ বাবেও আহ্বান জনায়। উল্লেখ্য যে সদৌ অসম ঠিকাভিত্তিক প্ৰাথমিক টে'ট শিক্ষক সমাজে চাকৰি নিয়মীয়াকৰণৰ দাবীত বৃহস্পতিবাৰে অসমৰ প্ৰতিখন জিলাৰ উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত গ্ৰহণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী। এই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ অসমৰ ২৫০০০ প্ৰাথমিক টে'ট শিক্ষকে অংশগ্ৰহণ কৰিছিল।

Your Comments