চাকৰি নিয়মীয়াকৰণৰ দাবীত ঠিকাভিত্তিক প্ৰাথমিক টে'ট শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী

চাকৰি নিয়মীয়াকৰণৰ দাবীত ঠিকাভিত্তিক প্ৰাথমিক টে'ট শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী

সদৌ অসম প্ৰাথমিক টে'ট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত আজি ৰাজ্যজুৰি ঠিকাভিত্তিক প্ৰাথমিক টে'ট শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী। উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই আজি গুৱাহাটী মহানগৰীতো কামৰূপ জিলা ঠিকাভিত্তিক প্ৰাথমিক টে'ট শিক্ষক সকলে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী।গুৱাহাটী মহানগৰীৰ নেহৰু পাৰ্কৰ সন্মুখৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈকে গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি কামৰূপ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ তেওঁলোকৰ দাবীসম্বলিত এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

চাকৰি নিয়মীয়াকৰণৰ দাবীত ঠিকাভিত্তিক প্ৰাথমিক টে'ট শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী

আনহাতে, সদৌ অসম প্ৰাথমিক টে'ট উত্তীৰ্ণ শিক্ষকসকলৰ দাবী- ২০১৬ চনত বিজেপি চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিমতে ৰাজ্যৰ ৩০ হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টে'ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। ইয়াৰ উপৰি ৰাজ্যৰ শিক্ষা বিভাগে সমান কামৰ বাবে সমান গ্ৰেড পে' ঠিকাভিত্তিক প্ৰাথমিক টে'ট শিক্ষকসকলক দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও দাবী জনায়। গুৱাহাটীত এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম টে'ট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজ ৰছিদে কয়- সমগ্ৰ ৰাজ্যৰ আজি ২৫ হাজাৰ প্ৰাথমিক টে'ট শিক্ষকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। তেওঁ চৰকাৰক সকীয়াই দিয়ে যে তেওঁলোকৰ এই দাবীৰ প্ৰতি যদি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে তেন্তে অনাগত দিনত তেওঁলোকে পাঠদান এৰি "দিছ্পুৰ চলো" কাৰ্যসূচী গ্ৰহণ কৰিব।

Your Comments