ব্ৰহ্মপুত্ৰ উপত্যকাত আগন্তুক লোকসভা নিৰ্বাচনত এজন বঙালী প্ৰাৰ্থী বিচাৰি বৃহত্তৰ অসম বঙালী উন্নয়ন সমিতিসহ স্বামী বিবেকানন্দ যুৱ সমিতি আৰু ছহিদ কনকলতা মহিলা উন্নয়ন সমিতিৰ যুটীয়া সংবাদমেল। গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰি সংগঠন তিনিটাৰ দাবী, আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ আসনখনত এজন বঙালী সম্প্ৰদায়ৰ প্ৰাৰ্থী থিয় কৰাব লাগে।
সংগঠন তিনিটাৰ দাবী- বিগত বর্ষসমূহত উক্ত সমষ্টিৰ পৰা চাৰিবাৰকৈ সাংসদ হ'ল ৰাজেন গোহাঁই৷ কিন্তু বঙালী সম্প্ৰদায়ৰ বাবে তেওঁ কোনো কাম নকৰিলে। সেইবাবে উক্ত সমষ্টিটোত বঙালী সম্প্ৰদায়ৰ এজন প্ৰাৰ্থী থিয় কৰাব লাগে বুলি দাবী জনায়। লগতে সংগঠন তিনিটাই উক্ত সমষ্টিৰ পৰা বঙালী সম্প্ৰদায়ৰ প্ৰাৰ্থী হিচাপে হোজাইৰ বিধায়ক শীলাদিত্য দেৱ, ৰাম কুমাৰ ঘোষ অথবা আলোক কুমাৰ ঘোষক প্ৰাৰ্থিত্ব দিব লাগে বুলি দাবী জনায়।
আনহাতে, এই সংবাদমেলতে বৃহত্তৰ বঙালী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক সুৰেশ সৰকাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি থকা এনআৰচিৰ ওপৰত বিৰূপ মন্তব্য প্ৰকাশ কৰি এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে অসমীয়া বঙালীসকলক অত্যাচাৰ কৰা বুলিও অভিযোগ উথাপন কৰে।সংবাদমেলত উপস্থিত থাকে অৰুপ কুমাৰ ঘোষ, অঞ্জলী বৰুৱা প্ৰমুখ্যে সংগঠন তিনিটাৰ সদস্যসকল।
- Log in to post comments
- 268 views