লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে বৃদ্ধি পাইছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ সংবাদমেল সম্বোধন। আজি দিছ্পুৰৰ বিধায়ক অৱাসত সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ দলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। সংবাদমেল সম্বোধন কৰি গগৈয়ে কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ওচৰত দাম বৃদ্ধি কৰাৰ বাবে এতিয়া অসমৰ বিজেপিত চলিছে শীতল যুদ্ধ। এই শীতল যুদ্ধত অৱতীৰ্ণ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
ফলত অসমৰ ৰাইজে এতিয়া কুফল ভোগ কৰিছে। ইয়াৰ উপৰি সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত কয় যে নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই অসম গণ পৰিষদ দলটোৱে বিজেপি দলৰ কাষলৈ গৈ আছে। অগপ দলটোৰ তৃণমূল কর্মীসকলে মিত্ৰতা বিচৰা নাই যদিও দলটোৰ দুই নেতা অতুল বৰা আৰু কেশৱ মহন্তই বিজেপিৰ লগত মিত্ৰতা কৰিবলৈ মন মেলিছে। অগপৰ লগত কংগ্ৰেছ দলে মিত্ৰতা কৰিব নেকি বুলি সোধা প্ৰশ্নত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে অগপ দলে কংগ্ৰেছৰ লগত কথা পাতিছিল আৰু অগপই কলিয়াবৰ লোকসভা সমষ্টিৰ আসনখন বিচাৰিছিল বুলি তেওঁ কয়।
আনহাতে, এই সংবাদমেলতে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্তি হোৱাৰ আশংকা কৰি কয়, "এন আৰ চিখন এতিয়া ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াই ভাল৷" ইয়াৰ উপৰি তেওঁ অসম-বাংলা সীমান্ত ছীল কৰা সন্দৰ্ভত কয় যে যিখন বিজেপি চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে আনিবলৈ বিচাৰিছিল, সেইখন বিজেপি চৰকাৰে এতিয়া ভাৰত-বাংলা সীমা ছীল কৰি বাহ বাহ ল'ব বিচাৰিছে।
আনহাতে, এই সংবাদমেলতে সন্ত্ৰাসবাদ সন্দৰ্ভত তেওঁ কয় যে বিজেপি চৰকাৰৰ দিনত দেশত বৃদ্ধি পাইছে সন্ত্ৰাসবাদ। কাশ্মীৰত অধিক নিৰীহ লোক মৃত্যু হৈছে। তাৎপৰ্যপূৰ্ণভাৱে তেওঁ কয় যে পূৰ্বতে তেওঁলোকৰ চৰকাৰৰ দিনতে মাছুদক মুকলি কৰি দিয়া হৈছিল। আৰু আজি বিজেপি চৰকাৰৰ দিনতে মাছুদৰ কথা আকৌ কোৱা হৈছে।
ইফালে যোৱা ২৬ ফেব্ৰুৱাৰীৰ বালাকুটৰ আক্ৰমণ সন্দৰ্ভত তেওঁ কয়ে বালাকোট আক্ৰমণ সন্দৰ্ভত বিজেপি চৰকাৰৰ স্থিতি আজিও স্পষ্ট নহয়। ইয়াৰ উপৰি প্ৰধান মন্ত্ৰীৰ লগত প্ৰতিৰক্ষামন্ত্ৰীৰ আৰু বিদেশমন্ত্ৰীৰ লগত গৃহমন্ত্ৰীৰ কথা নিমিলে বুলিও উল্লেখ কৰে।
- Log in to post comments
- 132 views