সাম্প্ৰদায়িক এজেণ্ডাৰে হিন্দু সমাজ পাৰ্টীৰ বিস্ফোৰণ : সন্ত্ৰাসবাদ মানেই ইছলাম

সাম্প্ৰদায়িক এজেণ্ডাৰে লোকসভা নিৰ্বাচনত নামিবলৈ সাজু হিন্দু সমাজ পাৰ্টী

ভাৰতীয় সংবিধানৰ মূল চৰিত্ৰক অৱমাননা কৰি আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হিন্দু সমাজ পাৰ্টী। বিজেপিৰ আশীৰ্বাদত আৰু সম্পূৰ্ণ আৰ এছ এছৰ সমৰ্থনত জন্ম হোৱা নতুন ৰাজনৈতিক দলেটোৱে আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ সৰ্বমুঠ ১৪টা লোকসভা সমষ্টিৰ লগতে সমগ্ৰ দেশৰ মুঠ ১১খন ৰাজ্যত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিছে। লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনতো দলৰ পৰা প্ৰাৰ্থী থিয় কৰাব পৰা যায়নেকি তাৰ বাবে আলোচনা চলি থকাৰ কথাও জনায়। আৰ এছ এছ আৰু বিজেপিৰ পদাংক
 
সম্পূৰ্ণ অনুসৰণ কৰি, উগ্ৰ হিন্দুত্ববাদী আদর্শৰ ওপৰত ভিত্তি কৰি আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা ৰাজনৈতিক দলটোৰ নিৰ্বাচনৰ মূল ইচ্ছ্যু হ'ল- দেশৰ পৰা ইছলামিক সন্ত্ৰাসবাদক সম্পূৰ্ণৰূপে ধ্বংস কৰা। লগতে দেশত সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়াৰ প্ৰমাণ থকা মছজিদ আৰু মাদ্ৰাছাসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰা। এই কথা আজি এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে দলটোৰ ৰাষ্ট্ৰীয় সচিব তথা নিজকে উত্তৰ ভাৰতৰ প্ৰভাৰী বুলি পৰিচয় দিয়া ডঃ সঞ্জয় কুমাৰ সঞ্জুৱে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা উক্ত সংবাদমেলত তেওঁ কয় যে ৰহিংগীয়া মুছলমানক দেশ পৰাৰ সম্পূৰ্ণৰূপে বাহিৰ কৰিব লাগে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম অতি সোনকাল সম্পূৰ্ণ কৰি তুলিব লাগে বুলিও লগতে কয়। 

আনহাতে, উক্ত সংবাদমেলত ৰাজনৈতিক দলটোৰ অসম প্ৰদেশৰ অধ্যক্ষ বীৰেন্দ্ৰ চন্দ্ৰ দাসে দলটোৰ মূল নীতি আৰু আদর্শ সন্দৰ্ভত বক্তব্য ৰাখে৷ তেওঁ কয় যে দলটোৰ মূল নীতি আৰু আদৰ্শ হৈছে হিন্ধুত্ববাদ। লগতে জানিবলৈ দিয়ে যে তেওঁলোকৰ দলটোত আৰ এছ এছৰ ভালেসংখ্যক নেতা-কর্মী জড়িত হৈ আছে। লগতে অসম প্ৰদেশৰ অধ্যক্ষ হিচাপে তেওঁ জানিবলৈ দিয়ে যে সমগ্ৰ অসমত তেওঁলোকৰ সদস্য সংখ্যা পোন্ধৰ হাজাৰতকৈও অধিক।

 আনহাতে, উক্ত সংবাদমেলত দলটোৰ ৰাষ্ট্ৰীয় সচিব সঞ্জয় কুমাৰ সঞ্জুক দেশত সংঘটিত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপত কেৱল মুছলমানসকলেই জড়িত নেকি বুলি সাংবাদিকসকলে এক প্ৰশ্ন উত্থাপন কৰে৷ উত্তৰত তেওঁ বিস্ফোৰণ ঘটাই কয় যে সন্ত্ৰাসবাদ মানেই ইছলাম। সেয়েহে প্ৰতিটো সন্ত্ৰাসবাদী কাৰ্যকলাপত কেৱল মুছলমানসকলে জড়িত হৈ থাকে। 

এতিয়া প্ৰশ্ন হৈছে, যিসময়ত সমগ্ৰ দেশ তথা বিশ্বই সন্ত্ৰাসবাদৰ কোনো নিৰ্দিষ্ট ধৰ্ম নাই বুলি উল্লেখ কৰিছে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যিসময়ত বিশ্বৰ সকলো ইছলামিক ৰাষ্ট্ৰই একগোট হৈ ভাৰতৰ সন্ত্ৰাসবাদী নিৰ্মূল নীতি সমৰ্থন কৰি প্ৰয়োজনত সহযোগ কৰাৰ কথা ঘোষণা কৰিছে, তেনে সময়ত ভাৰতৰ এটা ৰাজনৈতিক দলৰ নেতাৰ এনে ইছলামবিৰোধী মন্তব্য কিমানদূৰ গ্ৰহণযোগ্য। ঠিক একেদৰে যিসময়ত ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্য ধৰ্মনিৰপেক্ষতা নীতি সমগ্ৰ দেশত প্ৰচলন হৈ আছে, তেনে সময়ত ভাৰতক নেতৃত্ব দিবলৈ নির্বাচনত অংশগ্ৰহণ কৰা এটা ৰাজনৈতিক দলৰ এনেবিলাক সংবিধানবিৰোধী আদৰ্শ কিমানদূৰ গ্ৰহণযোগ্য? সেয়া ভৱিষ্যৎ দিনত অধিক স্পষ্ট হ'ব।

Your Comments