মহানগৰত নতুন উৰণীয়া সেতুৰ কামৰ শুভাৰম্ভ 

lghy

মহানগৰৰ তীব্ৰ যান-যতৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। গুৱাহাটী ৰাধাগোবিন্দ বৰুৱাৰ পথৰ পৰা গণেশগুৰিৰ বিষ্ণু ৰাভা উৰণীয়া সেতুলৈকে নিৰ্মাণ কৰিব এখন উৰণীয়া সেতু। ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া উৰণীয়া সেতুখনৰ কাম আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ৰাজ্য চৰকাৰৰ ২০১৮-১৯ স্ব-অধিকাৰ প্ৰকল্পৰ অধীনত ৫৮.৭৪ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া উৰণীয়া সেতুখনৰ দৈর্ঘ ৩১৫.১৩৮ মিটাৰ। আনহাতে আজি এই শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৈতে উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু দিছ্পুৰৰ বিধায়ক অতুল বৰা।

Your Comments