ফৰ্মেলিনৰ অৱস্থিতি, ৰসায়ন, অপকাৰিতা ইত্যাদি

formelin_test

‘ফৰ্মেলিন’ হ’ল কার্বন, হাইড্ৰ’জেন আৰু অক্সিজেনৰ এক জৈৱ ৰাসায়নিক যৌগ৷ আচলতে তাৰ নাম ‘ফৰ্মেল ডি হাইড’ (HCHO)৷ ভৰ হিচাপত ৩৭ শতাংশ ফৰ্মেল ডি হাইডৰ পানী দ্ৰব (Aqueous Solution)৷ এই যৌগবিধ প্ৰাকৃতিকভাৱে বায়ুমণ্ডলৰ উপৰৰ স্তৰত উপলব্ধ হেৱাৰ বাহিৰেও উদ্যোগিক প্ৰক্ৰিয়াৰ যোগেদিও ইয়াক বনাব পৰা যায়৷ যান-বাহনৰ পৰা নিৰ্গত ধোঁৱা আৰু ধঁপাতৰ ধোঁৱাতো ইয়াৰ উপস্থিতি পোৱা যায়৷ এই যৌগবিধ বিভিন্ন উদ্যোগত যেনে-প্লাষ্টিক, প্লাই বৰ্ড, গাড়ীৰ ব্ৰেক পেড, ইঞ্জিন ব্লক, ৰঙ, ৰেজিন, বিস্ফোৰক আদি উৎপাদনত ব্যৱহাৰ কৰা হয়৷ ইয়াৰ বেক্টেৰিয়া, ভাইৰাছ বা ভেকুঁৰ প্ৰতিৰোধী ক্ষমতা আছে৷ সেয়েহে সিমিত পৰিমাণত ব্যৱহাৰ কৰি ইয়াৰ দ্বাৰা খেতি পথাৰত ভেকুঁৰ নিয়ন্ত্ৰণ কৰা হয়৷ ফৰ্মেলিনৰ এণ্টিচেপ্টিক গুণৰ বাবে চিকিৎসা বিজ্ঞান বিজাণুনাশক হিচাপে ইয়াৰ ব্যৱহাৰ আছে৷ কোনো মৃত শৰীৰ সংৰক্ষণ কৰিবলৈ বা গৱেষণাগাৰত শৰীৰৰ অংগ-পতংগ বা বিভিন্ন জীৱ-জন্তুৰ মৃতদেহ বহু দিনলৈ নপচাকৈ ৰাখিবলৈ এই ফৰ্মেলিন ব্যৱহাৰ কৰা হয় ৷

formelin-test

বায়ুমণ্ডলত গেছীয় অৱস্থাত থকা ফৰ্মেল ডি হাইডে জীৱিত প্ৰাণীৰ বিস্তৰ ক্ষতি কৰিব পাৰে৷ বিশেষজ্ঞৰ মতে ০.১ পি পি এম (১ পি পি এমৰ মানে নিযুত ভাগৰ এভাগ) অতকৈ অধিক পৰিমাণৰ গেছীয় ফৰ্মেল ডি হাইডে চকুৰ পুৰণি, মূৰৰ বিষ, ডিঙি জ্বলা পুৰা আদি নানানটা সমস্যা সৃষ্টি কৰাৰ লগতে এই ফৰ্মেল ডি হাইডৰ প্ৰভাৱত মানুহৰ শ্বাসনলী আৰু হাওঁফাওঁৰ সংকোচন হ’বলৈ ধৰে৷ এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত মানুহে উশাহ-নিশাহত কষ্ট পাবলৈ আৰম্ভ কৰে৷ এজমা ৰোগীৰ বাবেটো ই যমদূত৷ নাকত ঘা সৃষ্টি কৰাৰ লগতে ই সুস্থ মানুহকো এজমা বেমাৰী বনাব পাৰে৷ ছালৰ সংস্পৰ্শলৈ আহিলে ছালৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে৷ কিন্তু আটাইতকৈ ভয়ানক কথাটো হ’ল খাদ্যবস্তুৰ লগত যেতিয়া ই আমাৰ পাকস্থলীত প্ৰৱেশ কৰে৷ ফৰ্মেলিনে আমাৰ খাদ্য হজম প্ৰক্ৰিয়াটো মন্থৰিত কৰি তোলাৰ বাবে সেৱন কৰা ব্যক্তিজনে বদ হজম, পেট ফুলা, বমি হোৱা আদি নানানটা পেটৰ সমস্যাত ভোগিবলগীয়া হয়৷ পেটৰ ভিতৰত সৃষ্টি কৰি মেলিনাৰ দৰে ৰোগৰ সৃষ্টি কৰিব পাৰে৷ ফৰ্মেলিনৰ প্ৰভাৱত যকৃত বিকল হয় ৷

formelin-test

 প্ৰাকৃতিকভাৱে আমাৰ তেজত ০.১ মিলিম’লাৰ ফৰ্মেলিন থাকে৷ তেজত এই মাত্ৰতৈক অধিক ফৰ্মেলিনৰ উপস্থিতিয়ে এচিডি’চিছ নামৰ এবিধ ৰোগৰ সৃষ্টি কৰি ৰোগীৰ মৃত্যু পৰ্য্যন্ত ঘটাব পাৰে৷ পৰীক্ষা কৰি দেখা গৈছে যে মাত্ৰ ৩৩৩ পি পি ফৰ্মেলিন দিয়া এন্দুৰ মাত্ৰ দুই ঘণ্টা জীয়াই থাকে৷ ফৰ্মেলিনৰ মানুহৰ কিডনী বিকল কৰিব পৰা ক্ষমতা থকাৰ লগতে জীৱৰ কোষত থকা DNAৰ লগত সংযোজিত হৈ ই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে বিলুপ্ত কৰি পেলায়৷ মানুহৰ দেহত কেন্সাৰ সৃষ্টিত ইয়াৰ অৱদান অপৰিসীম৷ ১৯৯৫ চনতেই বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO (World Health Organization)ৰ অধীন International Agency for Research on Cancer (IARC)য়ে ফৰ্মেল ডি হাইডক মানৱ শৰীৰত কেন্সাৰ সৃষ্টি কৰিব পৰা যৌগ হিচাপে শ্ৰেণী বিভাজন কৰে৷ নাকৰ লগতে বিভিন্ন প্ৰকাৰৰ তেজৰ কেন্সাৰৰো মূলতেই এই ফৰ্মেল ডি হাইড বুলি জনা গৈছে৷ ২০১১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ য়েও ফৰ্মেল ডি হাইড বা ফৰ্মেলিনক মানৱ কেন্সাৰ সৃষ্টিকাৰী যৌগ হিচাপে চিহ্নিত কৰে৷

formelin-test

এটা মৃত জীৱৰ শৰীৰত যেতিয়া ফৰমেলিন ব্যৱহাৰ হয় ই মৃতদেহটোৰ পচিবলৈ ধৰা দুটা কলা (Tissue)ৰ মাজত শিকনি বা জালনাৰ নিচিনা বান্ধনিৰ সৃষ্টি কৰি কলা দুটা ভাগি পৰিবলৈ নিদিয়ে, থিক আপোনাৰ ঘৰৰ চাঁদখনৰ মাজৰ লোহাৰ জালিখনৰ নিচিনাকৈ৷ চিমিণ্ট বালিৰ সংমিশ্ৰণৰ মাজত থকা লোহাৰ জালিখন যেনেকৈ উলিয়াই অনাটো সহজ কথা নহয় থিক তেনেকৈ মাংস পেশীৰ মাজত জালিৰ দৰে সোমাই পৰা ফৰ্মেলিনখিনিও উলিয়াই অনাটো সহজ কথা নহয়৷আমাৰ ঘৰুৱা পদ্ধতিৰে মাছৰ শৰীৰত ব্যৱহাৰ কৰা ফৰ্মেলিন মাছটোৰ শৰীৰৰ পৰা পৃথক কৰাটো প্ৰায় অসম্ভৱ৷ যিমানেই ধোঁৱা নহওঁক কিয় সেই ফৰ্মেলিন মাছৰ দেহৰ ভিতৰতেই ৰৈ যায় আৰু পৰৱৰ্তী সময়ত আমাৰ পেট পায়গৈ৷ চালানী মাছৰ লগতে আজিকালি বহু লোকেল মাছ, টিন ফিছ, টিন ফিছ, পেকেট কৰা বিভিন্ন খাদ্য সামগ্ৰীটো ফৰ্মেলিনৰ প্ৰচুৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়৷ বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে আমি জ্ঞাতে-অজ্ঞাতে এই ফৰ্মেলিন নামৰ বিষাক্ত যৌগ বিধ খাই থাকিবলগীয়া হৈছে৷ আমি হয়টো গমেই নাপাও যে এই বৰবিহে আমাৰ শৰীৰত আনিৱক পৰ্য্যায়ত কিদৰে ক্ষতি কৰি আছে৷
 

Your Comments