মঙলবাৰেও দিব পাৰিব প্ৰাৰ্থীসকলে মনোনয়ন-পত্ৰ এই কথা প্ৰকাশ ৰাজ্যিক নিৰ্বাচন আয়োগৰ ।
কাৰণ ইয়াৰ পূৰ্বে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে ১৩ নৱেম্বৰ চৰকাৰী বন্ধৰ দিন থকা বাবে আগন্তক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে মনোনয়ন-পত্ৰ দিব নোৱাৰিব বুলি ঘোষণা কৰিছিল ।
কিন্তু আজি কিছুসময়ৰ পূৰ্বে আয়োগে পূৰ্বতে ঘোষণা কৰা এই ঘোষণাৰ কিছু সালসলনি ঘটাইছে । সেই অনুযায়ী ১৩ নৱেম্বৰ মঙলবাৰে প্ৰাৰ্থীয়ে জমা দিব পাৰিব মনোনয়ন-পত্ৰ ।
উল্লেখ্য যে মঙলবাৰে যদিও চৰকাৰী বন্ধৰ দিন কিন্তু এই বন্ধ এন আই এ এক্টৰ অধীনত নোহোৱা হেতুকে প্ৰাৰ্থীসকলে মঙলবাৰ দিনাও মনোনয়ন-পত্ৰ দিব পাৰিব বুলিও আয়োগে স্পষ্ট কৰিছে ।
আয়োগে লগতে এই কথাও প্ৰকাশ কৰিছে যে এন আই এ এক্টৰ অধীনত ঘোষিত বন্ধসমূহ বাদ দি বাকী সকলো বন্ধতে এই নিয়ম চলি থাকিব ।
- Log in to post comments
- 13 views