কেৱল জননী মাতৃ আৰু শিশু সুৰক্ষাৰ বাবে নিয়োগ কৰাৰ আশাকর্মীয়ে এতিয়া কৰিব লাগে এগৰাকী চৰকাৰী দৰমহাপ্ৰাপ্ত কৰ্মচাৰীৰ সমান কাম । কিন্তু আশাকর্মীসকলে আজিও নাপায় চৰকাৰৰ এক নিৰ্ধাৰিত দৰমহা ।
এই অভিযোগ অসম ৰাজ্যিক আশা ইউনিয়নৰ । গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত অসম ৰাজ্যিক আশা ইউনিয়নৰ উপ-সভানেত্ৰী অঞ্জলি বৰুৱা বৰাই জানিবলৈ দিয়া অনুসৰি, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰতিটো কামতে আশাকর্মীসকল জড়িত হ'বলগা হয় ৷ কিন্তু আশাকর্মীসকলে তাৰ বিনিময়ত পাৰিতোষিক পায় মাত্ৰ ১০০০ টকা মাহত ।
তাকো নিৰ্ভৰ কৰে কাম সম্পূৰ্ণ হোৱা-নোহোৱাৰ ওপৰত । তাৰফলত আশাকর্মীসকলে এতিয়া আৰ্থিক হীনমন্যতাত ভুগিবলগা হৈছে বুলিও উল্লেখ কৰে । সংবাদমেলখনত লগতে আৰু কয় যে ৰাজ্যত এতিয়া ২০০৬ চনতে নিযুক্তিপ্ৰাপ্ত আশা কর্মীৰ সংখ্যা প্ৰায় ৩৩ হাজাৰ । কিন্তু এই ৩৩ হাজাৰ আশাকর্মীয়ে যেতিয়াই এই অভিযোগ লৈ চৰকাৰৰ ওচৰলৈ লৈ যায় তেতিয়াই চৰকাৰে তেওঁলোকক দাবী-ধমক দি কামৰ পৰা উলিয়াই দিয়াৰো হুংকাৰ প্ৰদান কৰে বুলি ৰাজহুৱা কৰে অসম ৰাজ্যিক আশা ইউনিয়নে ।
ইয়াৰ উপৰি তেওঁলোকে জানিবলৈ দিয়ে যে ভাৰতবর্ষৰ অন্য কিছুমান ৰাজ্য যেনে কেৰালা, কৰ্ণাটক, হাৰিয়ানা আদিত এগৰাকী আশাকর্মীৰ নিৰ্ধাৰিত দৰমহা ক্ৰমে ৭৫০০, ৩৫০০, ৪৫০০ টকা ৷ কিন্তু অসমৰ আশাকর্মীৰ আজিও নাই নিৰ্ধাৰিত দৰমহা । এই কথা অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ২০১৭ চনত আশাকর্মীসকলক আশ্বাস দি কৈছিল যে জানুৱাৰীৰ পৰা তেওঁলোকক ১০০০ টকাকৈ এক নিৰ্ধাৰিত দৰমহা দিয়া হ'ব ।
কিন্তু সেই বহুবল্কী স্বাস্থ্যমন্ত্ৰীজনে জানুৱাৰী মাহৰ পৰা হ'ব বুলি কোৱা দৰমহা আজি পৰ্যন্ত পোৱা নাই আশাকর্মীসকলে । সেয়ে আশাকর্মীসকলৰ প্ৰশ্ন- কোন বছৰৰ জানুৱাৰী মাহৰ কথা ক'লে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আশাকর্মীসকলক সেয়া স্পষ্ট কৰিব লাগে ৷ ইয়াৰ উপৰি এই বছৰৰ ছেপ্টেম্বৰ মাহত দেশৰ প্ৰধান মন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মত বিনিময় কৰিছিল । আৰু সেই মত বিনিময়ৰ পাছতে ঘোষণা কৰিছিল যে তেওঁলোকৰ দৰমহা দুগুণ কৰা হ'ব ।
তাৰ পাছতে ৰাজ্যৰ ৩৩ হাজাৰ আশাকর্মী উৎফুল্লিত হৈছিল । কিন্তু সেই ঘোষণা কেৱল ঘোষণাতে আজিও থাকি গ'ল বুলি তেওঁলোকে আক্ষেপ কৰে । তেওঁলোকে সংবাদমেলত স্পষ্টভাৱে কয় যে অসমৰ আশাকর্মীসকলে এক নিৰ্ধাৰিত দৰমহা এটা নাপায় । ৮টা ক্লাৰিকেল কামৰ বিনিময়ত তেওঁলোকে মাননী পায় এহেজাৰ টকা ।
তাকো কাম সম্পূৰ্ণ হোৱা-নোহোৱাৰ ওপৰত সেয়া নিৰ্ভৰশীল । তেনেস্থলত কেনেকৈ আশাকর্মীসকলৰ দৰমহা দুগুণ বৃদ্ধি কৰিব পাৰে বুলিও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে কেন্দ্ৰীয় চৰকাৰখনক । তেওঁলোকৰ দাবী, অসম চৰকাৰে তেওঁলোকৰ কামৰ বোজাৰ কথা চিন্তা কৰি প্ৰতিগৰাকী আশাকৰ্মীক এগৰাকী এন আৰ এইচ এমৰ স্থায়ী কৰ্মচাৰী হিচাপে নিয়োগ কৰিব লাগে আৰু তেওঁলোকৰ যি পাৰিতোষিক তাক এক নিৰ্ধাৰিতভাৱে প্ৰদান কৰিব লাগে ৷
কাম হোৱা-নোহোৱাৰ ওপৰত নহয়, এগৰাকী কর্মী হিচাপে মহিলি এক নিৰ্ধাৰিত পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও দাবী তেওঁলোকে দাবী জনায় । যদি এই দাবী চৰকাৰে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে অনাগত দিনত ৩৩ হাজাৰ আশাকর্মীয় নিৰ্বাচন বৰ্জন কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন কৰি যাব বুলিও হুংকাৰ দিয়ে ৷
- Log in to post comments
- 74 views