পঞ্চায়ত নিৰ্বাচনত অকলেই যুঁজিব অগপই : অগপ-বেজেপিৰ বৈঠকত চূড়ান্ত ঘোষণা

 পঞ্চায়ত নিৰ্বাচনত অকলেই যুঁজিব অগপই : অগপ-বেজেপিৰ বৈঠকত চূড়ান্ত ঘোষণা

পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত আজি জনতা ভৱনত বিজেপি আৰু অগপ প্ৰতিনিধিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত বিজেপিৰ হৈ উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া, পুলক গোহাঁই ৷

ইফালে অগপ দলৰ হৈ উপস্থিত থাকে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কমলা কলিতা আৰু বীৰেন্দ্ৰ প্ৰসাদ প্ৰসাদ বৈশ্য । বৈঠকত আগন্তুক পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা সম্পৰ্কত আলোচনা হয় ।

বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, বিজেপিয়ে অগপৰ প্ৰতিনিধিলৈ মিত্ৰতা সন্দৰ্ভত প্ৰস্তাৱ দিছিল এই বৈঠকত ।

কিন্তু অগপৰ প্ৰতিনিধিয়ে দলৰ তৃণমূল কৰ্মীৰ মতামতক সন্মান জনাই অকলেই পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব বুলি আজিৰ বৈঠকত স্পষ্ট কৰি দিয়ে ৷

Your Comments