চৰকাৰে ৰাইজৰ হৈ চিন্তা কৰিব লাগে, সেয়া চৰকাৰৰ দায়িত্ব : জুবিন গাৰ্গ

চৰকাৰে ৰাইজৰ হৈ চিন্তা কৰিব লাগে, সেয়া চৰকাৰৰ দায়িত্ব : জুবিন গাৰ্গ

বিভিন্ন দল-সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ আন্দোলন আৰু বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে জুবিন গাৰ্গে এই বিধেয়কৰ সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে ।

নৱপ্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকীয়ে এই বিধেয়কক কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰি বুলি নিজৰ মত পোষণ কৰিছে । এই বিধেয়ক সন্দৰ্ভত শিল্পীগৰাকীয়ে কয়, "আমি সকলো একেলগে আছোঁ ৷

চৰকাৰে ভুল কৰিছে, আমি দেখুৱাই দিবলৈ বাধ্য ৷" ইয়াৰ উপৰি চৰকাৰে ৰাইজৰ হৈ চিন্তা কৰিব লাগে, সেয়া চৰকাৰৰ দায়িত্ব বুলিও উল্লেখ কৰে নৱপ্ৰজন্মৰ জনপ্ৰিয় শিল্পীগৰাকীয়ে ।

এই বিধেয়কখন অতি সোনকালে প্ৰত্যাহাৰ কৰিব লাগে বুলিও দাবী জনায় শিল্পীগৰাকীয়ে ।

Your Comments