অসমীয়া ভাষা-সাহিত্যৰ মহীৰূহ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ দেহাৱসান

 অসমীয়া১ভাষা-সাহিত্যৰ১মহীৰূহ১প্ৰমোদ১চন্দ্ৰ১ভট্টাচাৰ্যৰ১দেহাৱসান

বিশিষ্ট সাহিত্যিক, ভাষাবিদ, বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ দেহাৱসান । ৯৩ বছৰ বয়সত বিশিষ্ট ব্যক্তিগৰাকীৰ দেহাৱসান ঘটে গুৱাহাটী নেমকেয়াৰ হাস্পতালত ।

পুৱা ৪.৪০ বজাত দেহাৱসান ঘটা বিশিষ্ট ব্যক্তিগৰাকী আজি কিছুদিনৰ পৰা শ্বাস-প্ৰশ্বাস আৰু বাৰ্ধক্যজনিত ৰোগত আক্রান্ত হৈ আছিল আৰু অৱশেষত সেই ৰোগৰ ওচৰত হাৰ মানি আজি মৃত্যু হয় বিশিষ্ট পণ্ডিতগৰাকী ।

অসমীয়া ভাষা-সাহিত্যৰ মহীৰূহ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ দেহাৱসান

১৯২৫ চনত নলবাৰীত জন্মগ্ৰহণ কৰা বিশিষ্ট পণ্ডিতগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই এতিয়া আপোন মানুহজনক শেষবাৰৰ বাবে চাবলৈ আৰু শ্ৰদ্ধাঞ্জলি জনাবলৈ ভালেসংখ্যক গুণমুগ্ধই তেওঁৰ ঘৰত গৈ উপস্থিত হৈছেগৈ ।

বিভিন্ন দল-সংগঠনৰ নেতাৰ পৰা আৰম্ভ কৰি সাংসদ বিজয়া চক্ৰৱৰ্তী, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী পুৱাই উপস্থিত হয়গৈ বিশিষ্ট সাহিত্যিকগৰাকীৰ গৃহত ।

মুখ্য মন্ত্ৰীৰ হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনাই গোস্বামীয়ে কয় যে মুখ্য মন্ত্ৰীৰ নির্দেশমৰ্মে ৰাজ্যিক মৰ্যাদাৰে তেওঁ অন্তিম সৎকাৰ কৰা হ'ব । বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যু অসমীয়া জাতিৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

বিশিষ্ট পণ্ডিতগৰাকীৰ মৃত্যুত অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, প্ৰকাশন পৰিষদ, আছু, এবছু, যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনে  গভীৰ শোক প্ৰকাশ কৰিছে । ইতিমধ্যে অসম সাহিত্য সভাৰ প্ৰতিনিধিকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে তেওঁৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ।

Your Comments