১৩ নৱেম্বৰৰ পৰা শ্ৰদ্ধাঞ্জলি কাননত শিশু গ্ৰন্থ উৎসৱ

১৩ নৱেম্বৰৰ পৰা শ্ৰদ্ধাঞ্জলি কাননত শিশু গ্ৰন্থ উৎসৱ

চানমাৰিৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত যোৱা ৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ২০সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাই সমগ্ৰ গুৱাহাটী মহানগৰীক বিলীন কৰি পেলাইছে গ্ৰন্থৰ সুবাসত ।

১৩ নৱেম্বৰৰ পৰা শ্ৰদ্ধাঞ্জলি কাননত শিশু গ্ৰন্থ উৎসৱ

তাৰ মাজতে মঙলবাৰৰ পৰা শ্ৰদ্ধাঞ্জলি কাননত অনুষ্ঠিত হ'ব অসম প্ৰকাশন পৰিষদৰ শিশু গ্ৰন্থ উৎসৱ । শিশুৰ বৌদ্ধিক, মানসিক, আধ্যাত্মিক বিকাশ সাধনৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদৰ এই শিশু গ্ৰন্থ উৎসৱ ১৩ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ ১৫ নৱেম্বৰলৈকে অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ।

প্ৰৱেশ বিনামূলীয়া হ'ব এই শিশু গ্ৰন্থ উৎসৱত । ১৩ নৱেম্বৰৰ দিনৰ ১১.৩০ বজাত উদ্বোধন হ'ব শিশুগ্ৰন্থ উৎসৱৰ মূল কাৰ্যসূচী । উক্ত অনুষ্ঠানত উপস্থিত থাকিব অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই উদ্বোধন কৰিব শিশু গ্ৰন্থ উৎসৱৰ মূল কার্যসূচী ।

ইফালে এই উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখক, বিজ্ঞানী ডঃ দীনেশ চন্দ্ৰ গোস্বামী, বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, উচ্চ শিক্ষা বিভাগৰ সঞ্চালিকা গীতিমণি ফুকন ।

উল্লেখ্য যে এই অনুষ্ঠানতে ডঃ কৰবী ডেকা হাজৰিকাৰ "মইনা মৌ কবিতা" আৰু ডঃ প্ৰাঞ্জিত বৰাৰ "আমাৰে মইনা টোপনি যাব এ" নামৰ গ্ৰন্থ দুখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব ।

দিনৰ ১২ বজাৰ পৰা শিশুসকলৰ মাজত অনুষ্ঠিত হ'ব কবিতা আৰু ছবিঅঁকা প্ৰতিযোগিতা । ক আৰু খ দুটা শাখাত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা । বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ'ব প্ৰতিভা বিকাশৰ অনুষ্ঠান "মুকুতা ৰং-বিৰং" ।

ঠিক একেদৰে ১৪ নৱেম্বৰৰ দিনৰ ১২ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হ'ব তৰ্ক আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা । "ক"শাখাৰ তৰ্কৰ বিষয়- "বলতকৈ বুদ্ধি শ্ৰেষ্ঠ" আৰু "খ" শাখাৰ বিষয় "অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ উত্তৰণেহে অসমীয়া ভাষাৰ উত্তৰণ ঘটাব"।

আবেলি তিনি বজাৰ পৰা অনুষ্ঠিত হ'ব শিশু আলোচনী সম্পাদক আৰু বাতৰিকাকতৰ বিভাগীয় সম্পাদকসকলৰ সৈতে লেখকৰ আলাপ অনুষ্ঠান । ১৫ নৱেম্বৰৰ দিনা অনুষ্ঠিত হ'ব ১২ বজাৰ পৰা কুইজ প্ৰতিযোগিতা ।

'ক' আৰু 'খ' দুটা শাখাত অনুষ্ঠিত হ'ব এই কুইজ প্ৰতিযোগিতা । সন্ধিয়া ৫ বজাত এনিমেচন ছবি "সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ" প্ৰদৰ্শন কৰা হ'ব । এই অনুষ্ঠানত উপস্থিত থাকিব চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা আৰু পবিত্ৰ মাঘেৰিটা বিশিষ্ট অতিথি হিচাপে । এই কথা জানিবলৈ দিছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ।

ইয়াৰ উপৰি এই গ্ৰন্থ উৎসৱৰ প্ৰতিযোগিতা সম্পৰ্কত অধিক তথ্যৰ বাবে অৰ্চনা শইকীয়া, অসম প্ৰকাশন পৰিষদৰ সৈতে ফোন নম্বৰ ৭৮২০৯-৪৩১৬৭ত যোগাযোগ কৰিব পাৰে । যোগাযোগ কৰিব পাৰে।

Your Comments