গুৱাহাটী আই আই টিত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

গুৱাহাটী আই আই টিত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

গুৱাহাটী আই আই টিত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী । বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ হৈছে নাহৰফুটুকীটো ।

উল্লেখযোগ্য যে আজি কেইবাদিনো ধৰি আই আই টি চৌহদত এই নাহৰফুটুকীটোৱে মুক্ত বিচৰণ কৰি ফুৰা দেখা পাইছিল ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকসকলে ।

তাৰ পাছতেই ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকসকলৰ চকুত টোপনি নহা হৈছিল বাঘৰ আতংকত । খবৰ দিয়া হৈছিল বন বিভাগক ।

বন বিভাগৰ এটা ৪০জনীয়া দলে বাঘটোক আবদ্ধ কৰাৰ বাবে আই আই টি চৌহদত পাতিছিল এটা পিঞ্জৰা ।

আৰু সেই পিঞ্জৰাতে অৱশেষত আজি আবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো ।

Your Comments