যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ১ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ ১৭টিকৈ নৱজাতকৰ মৃত্যুৰ মূল কাৰণেই হৈছে এন এইচ এম ৷ এই ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে শিশু আৰু প্ৰসূতিক নিম্নমানৰ ভিটামিন, দৰৱ খুওৱাৰ ফলত নৱজাতক শিশুৰ যি ধৰণেৰে শ্ৰীবৃদ্ধি হ'ব লাগে নহয় আৰু প্ৰসৱকালীন মৃত্যুৰ সংখ্যা বৃদ্ধি পায় ।
দ্বিতীয়তে চৰকাৰী চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসক, নাৰ্চ, চিকিৎসাৰ সামগ্ৰীৰ অভাৱৰ লগতে সু-ব্যৱস্থা নথকাটোও এক অন্যতম কাৰণ । এই অভিযোগ দুৰ্নীতিবিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈৰ ৷
নৱজাতকৰ স্বাস্থ্য আৰু সুৰক্ষাৰ দিশটোৰ কথা উল্লেখ কৰি তেওঁ লগতে উল্লেখ কৰে যে গৰুক সুৰক্ষা দিবলৈ আঁচনি ওলাব কিন্তু শিশু আৰু প্ৰসূতিৰ সুৰক্ষাৰ বাবে ৰাজ্যখনত কোনো বিশেষ ব্যৱস্থা নাই । দুবছৰ পূৰ্বে বৰপেটাত ২৪ ঘণ্টাৰ ব্যৱধানত ১২টি নৱজাতকৰ মৃত্যু হোৱাৰ প্ৰসংগ উল্লেখ কৰি আজিলৈকে তাৰ তদন্তৰ তথ্য ৰাজহুৱা নোহোটোক ৰহস্যজনক বুলি উল্লেখ কৰে ৷
পুনৰবাৰ এন এইচ এমৰ বিৰুদ্ধে সৰৱ হৈ সংগঠনটোৱে কয়, "আমি বাৰম্বাৰ কৈ আছোঁ, যিহেতু এন এইচ এমৰ জৰিয়তে ৰাজ্যত জীৱনদায়িনী ঔষধৰ নামত ভেজাল দৰৱ খুৱাই থকা হৈছে, গতিকে ভেজাল চৰকাৰী দৰৱ বন্ধ নোহোৱালৈকে এনেদৰে হত্যাযজ্ঞ চলিয়েই থাকিব ।" চিকিৎসা কৰ্তৃপক্ষই মৃত শিশু-ৰোগীসকলৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা দৰৱসমূহ ব্যৱহাৰৰ পূৰ্বে পৰীক্ষা কৰাইছিলনে বুলিও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে ৷
আনহাতে, যিসমূহ দৰৱ ব্যৱহাৰৰ পিছত শিশুসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, সেই সমূহ দৰৱ পৰীক্ষাৰ বাবে পঠোৱা হৈছেনে নাই তাৰ ওপৰতো তেওঁলোকে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ৷
যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰসংগ উল্লেখ কৰি সংগঠনটোৱে কয় যে শিশুৰ মৃত্যুৰ মূল কাৰণ দৰৱ হ'বই লাগিব, কিয়নো কাষৰ জিলাকেইখনৰ পৰা যোৱা প্ৰায়সমূহ শিশু ৰোগীয়ে চৰকাৰী চিকিৎসালয়ৰ পৰা যোৰহাট মেডিকেল কলেজলৈ গৈছে ।
তেনেস্থলত দৰৱসমূহৰ পৰীক্ষণ আটাইতকৈ জৰুৰী বুলিও তেওঁলোকে উল্লেখ কৰে । স্বাস্থ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতে বিগত বছৰবোৰত নৱজাতকৰ আচৰিতভাৱে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱা বুলি অভিযোগ কৰি এই ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰীয়ে বিষয়টোৰ গুৰুত্ব বুজি পদত্যাগ কৰা উচিত বুলিও দুৰ্নীতিবিৰোধী যুৱ শক্তিয়ে দাবী কৰে ৷
২০১৮ চনৰ এপ্ৰিল মাহৰ পৰা নৱেম্বৰৰ ১০ তাৰিখলৈ চৰকাৰী তথ্যৰ ভিত্তিত নৱজাতকৰ মৃত্যুৰ সংখ্যা (জিলা ভিত্তিক)
১) বৰপেটা-২৯
২) বঙাইগাঁও-১৪
৩) কাছাৰ-৮৯
৪) চিৰাং-০২
৫) দৰং-০৭
৬) ধেমাজি-০৭
৭) ধুবুৰী-৩২
৮) ডিব্ৰুগড়-২৯
৯) ডিমা-হাচাও-০৩
১০) গোৱালপাৰা-১৭
১১) গোলাঘাট-০৮
১২) হাইলাকান্দি-১২
১৩) যোৰহাট-১৩
১৪) কামৰূপ মহানগৰ-৭৫
১৫) কামৰূপ গ্ৰাম্য-০৯
১৬) কাৰ্বিআংলং-১২
১৭) কৰিমগঞ্জ-১৬
১৮) কোকৰাঝাৰ-১৪
১৯) লখিমপুৰ-০৪
২০) মৰিগাঁও-০৮
২১) নগাঁও-৩৪
২২) নলবাৰী-০৫
২৩) শিৱসাগৰ-০৪
২৪) শোণিতপুৰ-৩৭
২৫) তিনিচুকীয়া-০৬
২৬) ওদালগুৰি-০৪
সৰ্বমুঠ-৪৯০
আনহাতে, প্ৰতিমাহে যদি চাওঁ
১) এপ্ৰিল-৫৭
২) মে'-৭০
৩) জুন-৭৪
৪) জুলাই-৬৭
৫) আগষ্ট-৬৫
৬) ছেপ্টেম্বৰ-৭৮
৭) অক্টোবৰ-৬৯
৮) নৱেম্বৰ-১০ (১০ তাৰিখলৈ)
সৰ্বমুঠ-৪৯০
- Log in to post comments
- 36 views