নিৰ্মল ননিচাৰ বিজেপি ত্যাগ

নিৰ্মল ননিচাৰ বিজেপিৰ পৰা পদত্যাগ

পাঁচটা বছৰ বাবে শাসনভাৰ গ্ৰহণ কৰা জাতীয় নায়ক নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ তিনিটা বছৰৰ সম্পূৰ্ণ হ'বলৈ এতিয়াও বাকী কেইবাটাও মাহ । এই সময়ছোৱাতেই দলটোৰ প্ৰতি মোহভংগ হৈছে জনসাধাৰণৰ লগতে দলটোৰ কিছুসংখ্যক সদস্যও ।

তাৰে উদাহৰণ হিচাপে যোৱা সোমবাৰে অসম শক্তি উন্নয়ন পৰিষদৰ সঞ্চালক পদত নিযুক্তি দিয়া দলটোৰ নেতা নিৰ্মল ননিচাই আজি দলৰ পৰা পদত্যাগ কৰিছে ।

ইতিমধ্যে ননিচাই এই সম্পৰ্কত হেঙেৰাবাৰী মুখ্য কাৰ্যালয়লৈ পদত্যাগ-পত্ৰও প্ৰেৰণ কৰিছে । তেওঁ পদত্যাগ-পত্ৰত স্পষ্টকৈ উল্লেখ কৰিছে যে নেতৃত্বৰ প্ৰতি লগতে দলৰ কাম-কাজত অসন্তুষ্ট হৈ পদত্যাগ কৰা বুলি ৷

নিৰ্মল ননিচাৰ বিজেপিৰ পৰা পদত্যাগ

উল্লেখ্য ননিচাই পদত্যাগ-পত্ৰত ৰাজ্যিক নেতৃত্বকো সমালোচনা কৰিছে । তেওঁ লগতে উল্লেখ কৰিছে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতি আজি পৰ্যন্ত মুখ্য মন্ত্ৰীগৰাকীৰ স্থিতি স্পষ্ট নহয় ।

গুৰুত্বপূৰ্ণ কথা এই যে ২০১৬ চনৰ ২৭ জানুৱাৰীত গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা পদৰ পৰা অব্যাহতি লৈ বেলতলা নিবাসী ননিচাই যোগদান কৰিছিল বিজেপি দলত ।

ইফালে তেওঁ পদত্যাগ-পত্ৰত যোৱা সোমবাৰে অসম শক্তি উন্নয়ন পৰিষদৰ যি সঞ্চালক পদত নিযুক্তি দিছিল তাৰ পৰাও পদত্যাগ কৰা বুলি উল্লেখ কৰিছে । ইয়াৰ উপৰি তেওঁ কয় যে খিলঞ্জীয়া সুৰক্ষাৰ দিশত দায়বদ্ধ নহয় বিজেপি ।
 

Your Comments