চি বি আইক কেন্দ্ৰীয় চৰকাৰৰ চাবি দিয়া পুতলা কৰাৰ অভিযোগত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

চি বি আইক কেন্দ্ৰীয় চৰকাৰৰ চাবি দিয়া পুতলা কৰাৰ অভিযোগত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত চি বি আই সঞ্চালক আলোক বাৰ্মাই তৰা গোচৰৰ শুনানি চলি থকাৰ সময়তে আজি সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছে চি বি আইক মোডী চৰকাৰে ছাবি দিয়া পুতলা কৰাৰ অভিযোগ তুলি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

অসমতো এই অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে চি বি আইক মোডী চৰকাৰৰ কবলৰ পৰা উদ্ধাৰ কৰা দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

চি বি আইক কেন্দ্ৰীয় চৰকাৰৰ চাবি দিয়া পুতলা কৰাৰ অভিযোগত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

মহানগৰীৰ গড়চুকত থকা চি বি আইৰ কাৰ্যলয় সন্মুখত দেশজুৰি চলা এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে দিনৰ ১১ বজাত প্ৰতিবাদ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকা, ববিতা শৰ্মাকে ধৰি দলটোৰ ভালেসংখ্যক নেতা-কর্মীয়ে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলৰ দাবী, মোডী চৰকাৰে ৰাফেল কেলেংকাৰী ঢাকি ৰাখিবৰ বাবে চি বি আইক হস্তক্ষেপ কৰিছে ৷ হাতে হাতে প্লে'-কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে নেতা-কর্মীসকলে ।

Your Comments