গৃহৰক্ষী বাহিনীৰ নতুন সঞ্চালক নিযুক্তি

গৃহৰক্ষী বাহিনীৰ নতুন সঞ্চালক নিযুক্তি

অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনীৰ নতুন সঞ্চালক নিযুক্তি । আৰক্ষী বিষয়া পল্লৱ ভট্টাচাৰ্যক নিযুক্তি দিয়া হৈছে গৃহৰক্ষী বাহিনীৰ নতুন সঞ্চালক পদত । উল্লেখ্য যে বৰ্তমানৰ গৃহৰক্ষীৰ বাহিনী সঞ্চালক এ পি ৰাউটে ৩১ অক্টোবৰ তাৰিখৰ দিনা এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব ।

তেওঁ অৱসৰ গ্ৰহণৰ পাছতেই দায়িত্বভাৰ গ্ৰহণ কৰিব নৱনিযুক্ত সঞ্চালক পল্লব ভট্টাচাৰ্যই । বৰ্তমান আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান পদত কাম কৰি আছে পল্লব ভট্টাচাৰ্যই ।

আনহাতে, বিশেষ শাখাৰ সঞ্চালক পদত নতুন বিষয়া নিযুক্তি নিদিয়ালৈকে বৰ্তমানৰ সঞ্চালক পল্লব ভট্টাচাৰ্যই এই বিভাগটোও পৰিচালনা কৰিব বুলি জানিব পৰা গৈছে ।

Your Comments