দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ পদত্যাগ প্ৰত্যাহাৰ

দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ পদত্যাগ প্ৰত্যাহাৰ

অসম গেছ কোম্পানীৰ অধ্যক্ষ নিযুক্তিত অসন্তুষ্ট হৈ মঙলবাৰে পদত্যাগ কৰাৰ কথা ঘোষণা কৰা দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ পদত্যাগৰ নাটকখন ২৪ ঘণ্টা নহওঁতেই যৱনিকা পৰিল ।

বুধবাৰে ৰাজ্যৰ মুখ্য মন্ত্ৰীক লগ কৰা পাছতেই মঙলবাৰে মুখ্য মন্ত্ৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বিধায়কজনে সেই পদত্যাগ-পত্ৰ প্ৰত্যাহাৰ কৰে ৷ উল্লেখ্য যে যোৱা সোমবাৰে মুখ্য-মন্ত্ৰীয়ে ৰাজ্যৰ নিকায়-নিগমৰ বিভিন্ন বিভাগত ৩৬জন অধ্যক্ষ আৰু উপাধ্যক্ষ নিযুক্তি দিছিল ।

সেই হিচাপে দুলীয়াজানৰ বিধায়কগৰাকীৰ অজ্ঞাতে দুলীয়াজাৰ অসম গেছ কোম্পানীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল শদিয়াৰ ন-বিজেপি বিধায়ক বলিন চেতীয়াক ।

তাতেই অসন্তুষ্ট হৈ বিধায়কজনে সোমবাৰে ৰাতিয়েই মুখ্য মন্ত্ৰীলৈ অসন্তুষ্টিৰ কাৰণ দৰ্শাই পদত্যাগ-পত্ৰ প্ৰেৰণ কৰিছিল আৰু মঙলবাৰৰ দিনা সংবাদ মাধ্যমৰ আগত পদত্যাগ কৰাৰ কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল বিধায়কজনে ।

কিন্তু বুধবাৰে ডিব্ৰুগড়ত মুখ্য মন্ত্ৰীক লগ কৰাৰ পাছতেই বিধায়কজনে সুৰ সলাই নাটকীয়ভাৱে পদত্যাগ প্ৰত্যাহাৰ কৰে ।

Your Comments