কাইলৈ দায়িত্ব গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ এ এছ বোপান্নাই

কাইলৈ দায়িত্ব গ্ৰহণ কৰিব গুৱাহাটী উচ্চন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ এ এছ বোপান্নাই

গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি নতুন মুখ্য ন্যায়াধীশ । এ এছ বোপান্না হ'ব এতিয়াৰে পৰা উচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ । উল্লেখ্য যে ইয়াৰ পূৰ্বে বোপান্না কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল ।

ইতিমধ্যে দেশৰ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছে এই নিযুক্তিত । শুকুৰবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিব নতুন মুখ্য ন্যায়াধীশজনে । ১৯৫৯ চনত জন্মগ্ৰহণ কৰা বোপান্নাই অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল ১৯৮৪ চনত ।

ইয়াৰ পাছত ২০০৫ চনত বোপান্নাই কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ২০০৭ বর্ষত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল অৰুপ কুমাৰ গোস্বামী ।

Your Comments