বিজেপি বিধায়ক তেৰছ গোৱালাৰ পদত্যাগ

বিজেপি বিধায়ক তেৰছ গোৱালাৰ পদত্যাগ

দুলীয়াজানৰ বিজেপি বিধায়ক তেৰছ গোৱালাৰ পদত্যাগ ।

নিকায়-নিগমৰ অধ্যক্ষ নিযুক্তিত অসন্তুষ্ট হৈ পদত্যাগ বিধায়কজনৰ ।

ইতিমধ্যে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ।

উল্লেখ্য যে সোমবাৰে ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে নিগম-নিকায়ৰ বিভিন্ন বিভাগত ৩৫জনক নিযুক্তি প্ৰদান কৰিছিল ।

সেই হিচাপে শদিয়াৰ বিধায়ক বলীন চেতিয়াক অসম গেছ কোম্পানীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল ।

তাতেই দুলীয়াজানৰ বিধায়কগৰাকী অসন্তুষ্ট হৈ পদত্যাগ কৰা বুলি জানিব পৰা গৈছে ।

Your Comments