সৰ্বাত্মক অসম বন্ধ : অখিল গগৈ-পলাশ চাংমাইক আটকৰ বাবে আৰক্ষীৰ অভিযান

সৰ্বাত্মক অসম বন্ধ : অখিল গগৈ-পলাশ চাংমাইক আটকৰ বাবে আৰক্ষীৰ অভিযান

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি ৪৬টা জাতীয় দল-সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো সৰ্বাত্মকভাৱে পৰা দেখিবলৈ পোৱা গৈছে ।

সৰ্বাত্মক অসম বন্ধ : অখিল গগৈ-পলাশ চাংমাইক আটকৰ বাবে আৰক্ষীৰ অভিযান

পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা এই বন্ধৰ সময়ছোৱাত গুৱাহাটী মহানগৰীৰ ৰাজপথ প্ৰায় শূন্য হৈ পৰা দেখিবলৈ পোৱা গৈছে । দুই-এখন চৰকাৰী চিটীবাছ নিৰাপত্তাৰক্ষী দি চলাচল কৰাৰ ব্যৱস্থা কৰা হৈছে যদিও বাছবিলাকত দেখিবলৈ পোৱা গৈছে যাত্ৰী সেৰেঙা ।

সৰ্বাত্মক অসম বন্ধ : অখিল গগৈ-পলাশ চাংমাইক আটকৰ বাবে আৰক্ষীৰ অভিযান

তাৰ পৰিৱৰ্তে গুৱাহাটী মহানগৰীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে নিৰাপত্তাৰক্ষীয়ে টহল দি থকা । মহানগৰীৰ চানমাৰি, উজান বজাৰ, গুৱাহাটী ক্লাব সকলোতে এতিয়া বন্ধৰ প্ৰভাৱ সৰ্বাত্মকভাৱে পৰা দেখিবলৈ পোৱা গৈছে ।

সৰ্বাত্মক অসম বন্ধ : অখিল গগৈ-পলাশ চাংমাইক আটকৰ বাবে আৰক্ষীৰ অভিযান

বিভিন্ন ঠাইত বন্ধ সমৰ্থকসকলে টায়াৰ জ্বলাই বন্ধ পালন কৰা দেখিবলৈ পোৱা গৈছে । বেলতলা চাৰিআলিতো বন্ধ সমৰ্থকে আৰক্ষীৰ সন্মুখতে ৰাজপথত টায়াৰ জ্বলাই বন্ধ পালন কৰে ৷

সৰ্বাত্মক অসম বন্ধ : অখিল গগৈ-পলাশ চাংমাইক আটকৰ বাবে আৰক্ষীৰ অভিযান

সদৌ অসম উন্নয়ন পৰিষদ আৰু জিতেন দত্ত ফেন ক্লাবে বেলতলা চাৰিআলিত বন্ধ কাৰ্যসূচী সফল কৰাৰ বাবে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে ৷ ইফালে আৰক্ষীয়ে কৃষক নেতা অখিল গগৈক আজি দিনটোত বিচাৰি ফুৰা দেখিবলৈ পোৱা গৈছে ।

সৰ্বাত্মক অসম বন্ধ : অখিল গগৈ-পলাশ চাংমাইক আটকৰ বাবে আৰক্ষীৰ অভিযান

অখিল গগৈ এই পৰ্যন্ত ক'ত আছে তাৰ সন্ধান নাই অসম আৰক্ষীৰ হাতত । আনকি অখিল গগৈৰ মোবাইল ফোনো এই পৰ্যন্ত বন্ধ হৈ আছে বুলি জানিব পৰা গৈছে ।

ইফালে অসম যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাইকো বৰ্তমান সময়ত অসম আৰক্ষীয়ে আটক কৰাৰ বাবে বিচাৰি ফুৰিছে বুলি জানিব পৰা গৈছে ।

Your Comments