নাগৰিকত্ব বিধেয়ক : বিশাল প্ৰতিবাদী সমাৱেশ-সমদলেৰে গুৱাহাটী কঁপাব অগপ‌ই

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত কাইলৈ গুৱাহাটীত অগপৰ বিশাল গণ সমাবেশ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত কাইলৈ বিশাল গণ সমাবেশ-সমদলেৰে গুৱাহাটী কঁপাব অসম গণ পৰিষদে ।। পোনতে গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰত অনুষ্ঠিত হ'ব পৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক গণ সমাবেশ ৷

সমাবেশৰ অন্তত লতাশিলৰ পৰা চানমাৰিলৈ উলিওৱা হ'ব এক গণ সমদল ৷ অসম গণ পৰিষদে আয়োজন কৰা এই বিশাল গণ সমাবেশত প্ৰায় ৫০,০০০ লোকে অংশগ্ৰহণ কৰিব বুলি অগপৰ নেতৃবৃন্দই আজি জানিবলৈ দিয়ে ৷

পুৱা ১১ বজাত লতাশিল খেলপথাৰত এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হ'ব বুলি দলীয় সূত্ৰত প্ৰকাশ । আনহাতে, এই সমাবেশত দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে তৃণমূল পৰ্যায়ৰ কর্মীসকলেও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

Your Comments