অসম বন্ধলৈ ৬০টা সংগঠনৰ সমৰ্থন

s

৪৬টা জাতীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধাচৰণ কৰি কাইলৈ আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধক বিফল কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত । দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নির্দেশনাৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰৰ গৃহ বিভাগে জাৰি কৰিছে গুৰুত্ব পূৰ্ণ নির্দেশ । ৰাজ্য প্ৰতিখন জিলাৰ উপায়ুক্ত সকললৈ গৃহ বিভাগৰ নির্দেশ অনুযায়ী বন্ধ সমৰ্থকসকলক দেখা মাত্ৰকেই গ্ৰেপ্তাৰ কৰাৰ বাবে নির্দেশ প্ৰদান কৰাৰ হৈছে । ইয়াৰ উপৰিও অসম চৰকাৰৰ কৰ্মচাৰীসকল কাৰ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছে ।

লগতে সকলো বিলাক ব্যৱসায় প্ৰতিষ্ঠান খোলা ৰখাৰ বাবেও দিয়া হৈছে নির্দেশ । জনসাধাৰণৰ নিৰাপত্তা দিয়াৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হ’ব বুলিও জানিবলৈ দিছে অসম চৰকাৰৰ গৃহ বিভাগে । ইফালে অসম ছৰকাৰৰ এই নিৰ্দশনা পোৱাৰ পাছত এতিয়া জিলা উপায়ুক্ত সকলে অহা কালিলৈ বন্ধ কাৰ্যসূচী বিফল কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলিও জানিবলৈ দিছে । ইফালে বন্ধ সমৰ্থক সকলে অহা কালিলৈ আহ্বান জনোৱা বন্ধৰ কাৰ্যসূচী সফল কৰাৰ বাবে সকলো জনসাধৰণক আহ্বান জনাইছে ।

যদি কৰ্মচাৰী সকল উপস্থিত নাথাকে আৰু ব্যৱসায় প্ৰতিষ্ঠানসমূহ যদি বন্ধ থাকে তেন্তে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও চৰকাৰে জানিবলৈ দিছে । আনকি ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ অনুজ্ঞা-পত্ৰ বাতিল কৰা হ’ব বুলিও সতৰ্কবাণী আগবঢ়াইছে চৰকাৰে ৷ সোণোৱাল চৰকাৰৰ কঠোৰ স্থিতিৰ বিপৰীতে কাইলৈৰ বন্ধ কাৰ্যসূচী সফল কৰি তুলিবলৈ কঁকালত টঙালি বান্ধিছে জাতীয় সংগঠনসমূহে ৷ কৃষক নেতা অখিল গগৈয়ে আজি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে এই বন্ধ কোনো বাঙালী লোকৰ বিৰুদ্ধে নহয়, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধেহে ৷

বন্ধ বিফল কৰিবলৈ অসমৰ চৰকাৰে জাৰি কৰা নিৰ্দেশসমূহ হিটলাৰী নিৰ্দেশ বুলিও মন্তব্য কৰে অখিল গগৈয়ে ৷ কৃষক নেতাগৰাকীয়ে কয় যে বিজেপি-আৰ এছ এছক সুধি অসমৰ জাতীয় দল-সংগঠনে বন্ধৰ আহ্বান নকৰে ৷ লক্ষণীয়ভাৱে, প্ৰস্তুতি অসম বন্ধলৈ এই পৰ্যন্ত মুঠ ৬০টা সংগঠনে সমৰ্থন প্ৰকাশ কৰিছে ৷ ইপিনে এই বন্ধৰ সমৰ্থনত কাইলৈ অ’লা আৰু উবেৰ টেক্সি সেৱাও বন্ধ থাকিব বুলি জানিব পৰা গৈছে ।
 

Your Comments