লতাশিলত নিৰ্মাণ বৃন্দাবনৰ কৃষ্ণমন্দিৰ 

েে

এইবাৰ গুৱাহাটীৰ লতাশিলত দুৰ্গা পূজা উপলক্ষে পেণ্ডেলৰ আৰ্হি হিচাপে বাছি লোৱা হৈছে বৃন্দাবনত নিৰ্মীয়মান অৱস্থাত থকা কৃষ্ণমন্দিৰ । প্ৰায় ৮০ফুট উচ্চতাৰে নিৰ্মাণ কৰা হৈছে লতাশিলৰ এই কৃষ্ণমন্দিৰ । প্ৰায় ৬ লাখ টকা ব্যয় সাপেক্ষে এই মন্দিৰটো নিৰ্মাণ কৰি উলিয়াবলৈ লতাশিল পূজা সমিতিক সময় লাগিছিল প্ৰায় এক মাহ । জানিব পৰা মতে এইবাৰ লতাশিল পূজা সমিতিৰ মুঠ বাজেট ১৭ লাখ টকা ।

ইয়াৰ উপৰিও এইবাৰ লতাশিল সাৰ্বজনীন পূজা সমিতিয়ে পৰিবেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ তেওঁলোকে খোৱাৰ বাবে কলপাত আৰু মাটিৰ গিলাচ ব্যৱহাৰ কৰিব বুলি জানিবলৈ দিয়ে । নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৬টাকৈ চিচি টিভি ব্যবহাৰ কৰিছে পূজা সমিতিখনে । গুৱাহাটীত এইবাৰ ৪৫০খনৰো অধিক পূজা আয়োজন কৰা হৈছে । তাৰ ভিতৰত লতাশিলৰ কৃষ্ণমন্দিৰ গুৱাহাটী দুৰ্গা পূজাৰ অন্যতম   আকর্ষণ ।

Your Comments