চৰকাৰী অৱহেলাৰ বাবে নস্তহৈ যোৱাৰ পথত আপুৰুগীয়া সাঁচিপাতৰ পুথি

thowra, ahom, mahmora, manus script

থাওৰা আৰু মাহমৰা বিধানসভা সমষ্টি অন্তৰ্গত এই মৌজা দুটাত কিছুদিনৰ পূৰ্বে পোহৰলৈ আহিছে ছয়শ বছৰীয়া আহোম ৰাজশাসনৰ সোণালী দিনৰ ৰাজসাক্ষী কিছুসংখ্যক আপুৰুগীয়া সাঁচিপাতৰ পুথিত থকা কথা । টাই ভাষাত লিখা এই মূল্যৱান পুথিসমূহ থকাৰ কথা পোহৰলৈ আহিছে মৌজা দুটাত থকা আহোম সম্প্ৰদায়ৰ ব্যক্তিসকলৰ ঘৰত । উল্লেখযোগ্য কথা এই যে এই মৌজা দুটাত আহোম সম্প্ৰদায়ৰ মহন, দেওধাই আৰু বাইলুংসকলেই মূলত সংখ্যাগৰিষ্ঠ হিচাপে বসবাস কৰি আহিছে আৰু এই ব্যক্তিসকলৰ ঘৰতেই উদ্ধাৰ হৈছে এই সাঁচিপাতৰ পুথিসমূহ ।

aa

কিন্তু অতি পৰিতাপৰ কথা মৌজা দুটাত উদ্ধাৰ হোৱা এই সাঁচিপাতৰ পুথিসমূহ আজি তাৰিখত কিন্তু সংৰক্ষিত হোৱা নাই । ফলত এতিয়া পুথিসমূহ নিঃশেষ হৈ যোৱা উপক্ৰম ঘটিছে মৌজা দুটাত । বিশেষকৈ বিজ্ঞানসন্মত সংৰক্ষণৰ ব্যৱস্থা নথকা বাবে মৌজা দুটা জনসাধাৰণে এই মূল্যবান পুথিসমূহ পোক-পৰুৱাই খাই অনিষ্ট নকৰিবৰ বাবে কাপোৰেৰে মেৰিয়াই পুৰণিকলীয়া নিয়ম অনুসৰি ধোঁৱাচাংৰ ওপৰত তুলি থৈছে । যাৰ ফলত এতিয়া ধোঁৱাচাঙত এই জহি-খহি গৈছে এই মূল্যৱান সম্পদৰাজী ।

উল্লেখযোগ্য কথা এই যে সম্পদৰাজি উদ্ধাৰ হোৱা পাছতেই এই মৌজা দুটা ব্যক্তিসকলে এই পুথিসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ আৰু পৰ্যটন বিভাগক বিষয়টো সন্দৰ্ভত বহুবাৰ দৃষ্টিগোচৰ কৰি আহিছে । কিন্তু অতি দুৰ্ভাগ্য কথা আজিকুপতি অসম চৰকাৰৰ বিয়াগোম বিভাগ দুটাৰ পৰা মৌজা দুটা ৰাইজে পুথিসমূহ সংৰক্ষণৰ বাবে কোনো সহাৰি নোপোৱা অভিযোগ উত্থাপন হৈছে ।

aa

মৌজা দুটা ৰাইজৰ দাবী অসম চৰকাৰৰ যদি সঁচাকৈ জাতিৰ প্ৰতি সদিচ্ছা আছে তেন্তে এই জাতিৰ প্ৰকৃত তথ্য সন্নিবিষ্ট থকা আপুৰুগীয়া সমলসমূহ সংৰক্ষণ কৰাৰ বাবে মৌজা দুটাত নিৰ্মাণ কৰিব লাগে এটা সংগ্ৰহালয় । আমি এই বিষয়টো সন্দৰ্ভত কিছু তথ্য জানিবৰ বাবে কথা পাতিছিলোঁ বকতা অঞ্চলৰ এজন বিশেষ ব্যক্তি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তাই ষ্টাদী চেণ্টাৰৰ অধ্যাপক মেদিনী মহনৰ সৈতে তেতিয়া তেওঁ আমাক জানিবলৈ দিয়ে কেৱল বকতা মৌজা অন্তৰ্গত পাৰিজাত গাঁও পঞ্চায়ততে উদ্ধাৰ হৈছে প্ৰায় ২৫০খনত কৈ অধিক সাঁচিপাতৰ পুথি ।

লগতে তেওঁ কয় যে যিহেতু পুথিসমূহ এতিয়া ধ্বংস হৈ গৈছে সেই বাবে তেওঁ নিজাববীয়াকৈ মাজে মাজে পুথিসমূহ চাফা কৰি কিছু সংখ্যক পুথি অসমীয়া ভাষালৈ অনুবাদ কৰাৰ বাবেও প্ৰচেষ্টা হাতত লৈছে বুলি । কিন্তু তেওঁ জানিবলৈ দিয়ে তেওঁ অকলে এই সকলোবোৰ অসমীয়ালৈ অনুবাদ কৰা আৰু চাফ-চিকুণ কৰি সংৰক্ষণ কৰাটো সম্ভৱ নহয় । ইয়াৰ উপৰিয়ো তেওঁ আমাক জানিবলৈ দিয়ে দুয়োটা মৌজাক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধি দুজনৰো এই সন্দৰ্ভত কোনো গুৰুত্ব নাই বুলিও ।

aa

তাৰ ফলত এতিয়া মৌজা দুটা জনসাধাৰণ গভীৰ চিন্তাত পৰা বুলিও আমাক জানিবলৈ দিয়ে । লগতে বিষটো অলপ ভিতৰত সোমাই গৈ আমি তেওঁ পৰা জানিব বিচাৰিছিলোঁ পুথিসমূহত কি লিখা আছে বুলি, যিহেতু পুথিসমূহ টাই ভাষাত লিখা তেতিয়া তেওঁ আমাক জানিবলৈ দিছিল এই পুথিসমূহ ইমানেই গুৰুত্বপূৰ্ণ যে বৰ্তমান আমাৰ বুৰঞ্জীত সন্নিবিষ্ট নথকা কিছু ঘটনা পৰিঘটনা, কিছু তথ্য, কাহিনী এই সাঁচিপাতৰ পুথিসমূহত সন্নিবিষ্ট আছে বুলি আমাক জানিবলৈ দিয়ে । তেওঁ লগতে এই বুলিও জানিবলৈ দিয়ে এই পুথিসমূহত জাতিৰ পৰিচয় বিষয়টো বিশদভাৱে বৰ্ণিত আছে ।

স্থানীয় ৰাইজৰ মতে এই পুথিসমূহ বহু সময়ত অধ্যয়ন আৰু পৰ্যবেক্ষণ কৰাৰ বাবে বহু সংখ্যক টাই ভাষাৰ ওপৰত গবেষণা কৰি থকা ছাত্ৰ-ছাত্ৰী মৌজা দুটালৈ আগমন ঘটে, ইয়াৰ উপৰিও পয্টক কিছুসংখ্যকও আহে বুলি আমাক জানিবলৈ দিয়ে । ইয়াৰ উপৰিও আমি জানিব বিচাৰিছিলোঁ মৌজা দুটা ৰাইজৰ পৰা টাই ভাষাৰ উন্নয়ন বাবে জন্ম হোৱা পূৰ্বাঞ্চল টাই সাহিত্য সভাই এই সন্দৰ্ভত কিবা ব্যৱস্থা লৈছে নিকি বুলি, তেতিয়া অঞ্চল দুটা ৰাইজে অতি দুখমনে জনাই যে পূৰ্বাঞ্চল টাই সাহিত্য সভাই ব্যৱস্থা লোৱাটোতো দূৰৰে কথা খবৰ লবলৈও সময় নাই তেওঁলোকৰ, আনকি এই  বুলিও কয় যে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সম্পাদক অতুল ফুকন এই অঞ্চলৰে ব্যক্তি কিন্তু তেওঁ খবৰ নাই এইসমূহ সংৰক্ষণ কৰাৰ সন্দৰ্ভত ।

ww

সেইয়েহে মৌজা দুটা ৰাইজৰ দাবী এই মূল্যৱান সাঁচিপাতৰ পুথিসমূহ সংৰক্ষণ কৰাৰ বাবে চৰকাৰে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এতিয়া প্ৰশ্ন হয় পৰ্যটন বিকাশৰ বাবে কোটি কোটি টকা খৰচ কৰি ব্ৰেণ্ড এম্বেচাদৰ নিয়োগ কৰা চৰকাৰখনে এই সমূহ সংৰক্ষণৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে !

Your Comments