বিস্ফোৰণৰ কিছু সময় পূৰ্বে সেই পথেৰেই পাৰ হৈ গৈছিল মুখ্য মন্ত্ৰী : হৃষিকেশ গোস্বামী

aa

মহানগৰীত আজি সংঘটিত হোৱা ভয়ংকৰ বোমা বিস্ফোৰণৰ কিছু সময় পূৰ্বে সেই পথেৰে গুৱাহাটী পৰা ডিব্ৰুগড় যোৱাৰ উদ্দেশ্যে বিমানবন্দৰলৈ গৈছিল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এই কথা জানিবলৈ দিয়ে ঘটনাস্থলিত উপস্থিত হোৱা মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী আৰু আইন উপদেষ্টা শান্তনু ভৰালীয়ে । ঘটনাস্থলিত উপস্থিতহৈ তেওঁলোকে সংবাদ মাধ্যমৰ আগত কয় যে এই ঘটনা দুৰ্ভাগ্যজনক ।

ss

ইফালে ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সাংবাদিকৰ আগত কয় যে যিসকল দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰিছে তেওঁলোকক অতি সোনকালে বিচাৰি উলিয়াই উচিত শাস্তি প্ৰদান কৰা হ'ব । লগতে তেওঁ কয় যে মহানগৰবাসীয়ে ভয় কৰা কোনো কাৰণ নাই ৷ কি কাৰণত বিস্ফোৰণ সংঘটিত হ'ল তদন্তৰ পাছতহে পোহৰলৈ আহিব বুলি তেওঁ মত প্ৰকাশ কৰে । ইফালে আলফাই দায়িত্ব স্বীকাৰ কৰা বুলি সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে কয় যে যদি আলফাই এই কূটাঘাট সংঘটিত কৰিছে তেন্তে অতি সোনকালে অসমৰ ৰাইজৰ ওচৰত তেওঁলোকে ক্ষমা খোজা উচিত ৷

aa

নাগৰিকত্ব সংশোধনী বিলৰ বাবে এই কূটাঘাট সংঘটিত হ'ল বুলি ভাবে নেকি বুলি সাংবাদিকৰ অন্য এক প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে সেই বিষয়ত মৌনতা অৱলম্বন কৰে । ইফাল ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, সকলোবোৰ পৰীক্ষা-নিৰীক্ষা কৰিহে বিস্ফোৰণ কেনেকৈ হ'বলৈ পালে তাৰ প্ৰকৃত কাৰণ গম পোৱা যাব । এতিয়াই সকলোবোৰ কৈ দিয়াটো অসুবিধা বুলি উল্লেখ কৰি সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে যিয়েই এই দুষ্কাৰ্য সংঘটিত কৰিছে তেওঁলোকৰ বিৰুদ্ধে অতি কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । তেওঁ লগতে কয় যে আগন্তুক দুৰ্গাপূজা আৰু আহি থকা ২১ অক্টোবৰৰ আন্তঃৰাষ্টীয় ক্ৰিকেট মেছখন সচাৰু ৰূপে সম্পন্ন হোৱাৰ বাবে তালাচী ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি তুলিব বুলিও জানিবলৈ দিয়ে । ইফালে ঘটনাস্থলীত চি আই ডি, সেনা বাহিনী, চি আৰ পি অফ উপস্থিত হৈ তন্ন-তন্ন কৈ পৰীক্ষা কৰিছে সমগ্ৰ অঞ্চলটো । 

Your Comments