বিস্ফোৰণত কঁপি উঠিল পানবজাৰ

ss

পূজাৰ আনন্দৰ মাজতে মহানগৰীৰ সদাব্যস্ত পানবজাৰত বিস্ফোৰণৰ আতংক । বিস্ফোৰণৰ স্থান মহানগৰীৰ শুক্লাশ্বৰ ঘাটৰ সন্মুখত  । বিস্ফোৰণত এগৰাকী মহিলাৰ লগতে চাৰিজন লোক আহত ।

ss

আহতকেইজন হৈছে টাইফুদ্দিন আহমেদ, কল্পজ্যোতি  তালুকদাৰ, শংকু দাস আৰু বিনীতা দাস । আহতসকলক লগে লগে এম এম চি হাস্পতালত ভৰ্তি কৰোৱা হয়। বিস্ফোৰণটোত এখন চিটী বাছ ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি এখন কংক্ৰিটৰ দেৱাল ভাগি যায় । ঘটনাস্থলীত  উচ্চপদস্থ আৰক্ষী বিষয়া দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

Your Comments