মূল্যবৃদ্ধি ৰোধৰ দাবীত কৃষক মুক্তিৰ মহানগৰীত উত্তাল প্ৰতিবাদ

মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত কৃষক মুক্তিৰ মহানগৰীত উত্তাল প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে আজি গুৱাহাটী মহানগৰী উত্তাল কৰি তোলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । পুৱা ১০.৩০ বজাত গুৱাহাটী ক্লাবৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক নেতা অখিল গগৈ প্ৰমুখ্যে সংগঠনটোৰ ভালেসংখ্যক নেতা-কর্মীয়ে ।

তেওঁলোকৰ দাবী, পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ মূল্য হ্ৰাস হ'ব লাগে ৷ লগতে বাছৰ যি ভাড়া বৃদ্ধি কৰা হ'ল সেই ভাড়া বৃদ্ধিৰ হাৰ অতি সোনকালে হ্ৰাস কৰি জনসাধৰণক সকাহ দিব লাগে ।

মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত কৃষক মুক্তিৰ মহানগৰীত উত্তাল প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক নেতা অখিল গগৈয়ে কয় যে চৰকাৰখনে কেৱল পুঁজিপতিসকলৰ স্বাৰ্থত কাম কৰি আছে । তেওঁৰ দাবী, পেট্ৰ'ল-ডিজেলত যি অত্যধিক কৰ আৰোপ কৰা হৈছে সেই কৰ অতি সোনকালে হ্ৰাস কৰিব লাগে আৰু জনসাধাৰণক ইয়াৰ পৰা সকাহ দিব লাগে ।

লগতে তেওঁ কয় যে অকল যে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হৈছে তেনে নহয় ৷ এতিয়া ইটা, বালি, শিল, ৰড সকলোৰে মূল্যবৃদ্ধি কৰিছে চৰকাৰখনে । যি নেকি সাধাৰণ ৰাইজৰ বাবে চিন্তাৰ কাৰণ ।

গুৱাহাটী ক্লাবৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচী অন্ত পৰে দিনৰ ১ বজাত গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত । প্ৰতিবাদৰ অন্তত কৃষক নেতা অখিল গগৈসহ ৫জন সদস্যই ৰাজ্যপালক লগ ধৰি ৫টা দাবীসম্বলিত এক স্মাৰক-পত্ৰ প্ৰদান কৰে ।

Your Comments