কোৰেশ্বি মীট এছ'চিয়েচনৰ ধৰ্মঘট : ১৫ অক্টোবৰৰ পৰা মহানগৰীত নাপাব ছাগলীৰ মাংস

কোৰেশ্বি মীট এছ'চিয়েচনৰ ধৰ্মঘট : ১৫ অক্টোবৰৰ পৰা মহানগৰীত নাপাব ছাগলীৰ মাংস

গুৱাহাটী পৌৰনিগম আৰু এন ই চি ফুড প্ৰচেছিং প্ৰাঃ লিমিটেডৰ কিছুমান স্ববিৰোধী নীতিৰ বিৰুদ্ধে গুৱাহাটী কোৰেশ্বি মীট এছ'চিয়েচনৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট ঘোষণা । অহা ১৫ অক্টোবৰ সোমবাৰৰ পৰা গ্ৰহণ কৰিবলগা এই ধৰ্মঘট কাৰ্যসূচীৰ কথা আজি সংবাদমেল আয়োজন কৰি ঘোষণা কৰে এছ'চিয়েচনৰ সভাপতি মুছলিম আলী আৰু সম্পাদক মকবুল আহমেদে ।

উল্লেখ্য যে এই ধৰ্মঘটৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত সর্বসাধৰণ ৰাইজে নাপাব ছাগলীৰ মাংস । গুৱাহাটী মহানগৰীৰ ১৫৬খনকৈ ছাগলী মাংসৰ দোকান বন্ধ থাকিব এই ধৰ্মঘটৰ সময়ছোৱাত ।

দুৰ্গাপূজাৰ সময়তে কোৰেশ্বি মিট সন্থাই এনে সিদ্ধান্ত গ্ৰহণ কৰিবলগা হোৱাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰি তেওঁলোকে কয় যে গুৱাহাটী পৌৰ নিগম আৰু এন ই চি ফুড প্ৰচেছিং প্ৰাঃ লিমিটেডে তেওঁলোকৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা এক দম মূলক নীতি গ্ৰহন কৰি আহিছে ।

আনকি তেওঁলোকৰ বিৰুদ্ধে ছাগলী মাংস বিক্ৰীৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে যি নিৰ্দেশনা প্ৰদান কৰিছে সেই নির্দেশ পালন নকৰা বুলি মিছা অভিযোগ উত্থাপন কৰা বুলিও তেওঁলোকে দাবী কৰে ।

ইয়াৰ উপৰি এন ই চি ফুড প্ৰচেছিং প্ৰাঃ লিমিটেডে যেনেদৰে ছাগলী মাংস তেওঁলোকক যোগান ধৰিব লাগে সেইদৰে যোগান ধৰিব নোৱাৰে বুলিও অভিযোগ উত্থাপন কৰে । তেওঁলোকে কয় যে এটা ছাগলী তেওঁলোকে কাটিবলৈ দিয়া ২৪ ঘণ্টাৰ পাছত তেওঁলোকক বিক্ৰীৰ বাবে যোগান ধৰে এন ই চি ফুড প্ৰচেছিং প্ৰাঃ লিমিটেডে । তাৰফলত বিক্ৰেতাসকল সমস্যাৰ সন্মুখীন হয় আৰু মাংসসমূহ বেয়া বুলি গ্ৰাহকে ক্ৰয় নকৰে ।

তেওঁলোকে লগতে কয় যে এন ই চি ফুড প্ৰচেছিং প্ৰাঃ লিমিটেডে মাংসসমূহ বিপণীসমূহত যোগান ধৰোঁতে শীত-তাপ নিয়ন্ত্ৰিত গাড়ী ব্যৱহাৰ কৰিব লাগে ৷ কিন্তু তেওঁলোকৰ তেনে গাড়ীৰ ব্যৱস্থা নাই ৷

ফলত মাংসসমূহ সোনকালে বেয়া হৈ যায় । ইয়াৰ উপৰি তেওঁলোকে কয় যে এন ই চি ফুড প্ৰচেছিং প্ৰাঃ লিমিটেডে তেওঁলোকক এই বছৰ ৰাখী বন্ধন আৰু ঈদৰ দিনা ১০টা মৰা ছাগলীৰ মাংস বিক্ৰী কৰিবলৈ উলিয়াই দিছিল তেওঁলোকক অন্ধকাৰত ৰাখি ।

তেওঁলোকে এই কথা গম পাই যেতিয়া সকলো কথা ফোনত ভিডিঅ' ৰেকৰ্ডিং কৰে সেইদিনাৰ পৰা তেওঁলোকক তাৰ ভিতৰত সোমাবলৈ নিদিয়ে বুলিও অভিযোগ উত্থাপন কৰে এন ই চি ফুড প্ৰচেছিং প্ৰাঃ লিমিটেড আৰু গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে ।

লগতে তেওঁলোকে কয় যে এন ই চি ফুড প্ৰচেছিং প্ৰাঃ লিমিটেডে যোগান ধৰা ছাগলী মাংস যে সম্পূৰ্ণ স্বাস্থ্যসন্মত তাত সন্দেহ আছে বুলিও উল্লেখ কৰে । কাৰণ তাত মাংস আৰু ছাগলীসমূহ পৰীক্ষা কৰাৰ বাবে ডাক্টৰৰ অভাৱ ।

আনহাতে, এতিয়াও তেওঁলোকৰ তাত ৰোগগ্ৰস্ত ছাগলীৰ সংখ্যাই অধিক বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ উল্লেখ্য যে যোৱা ছেপ্টেম্বৰ মাহত পৌৰ নিগম, এন ই চি ফুড প্ৰচেছিং প্ৰাঃ লিমিটেডৰ লগত কোৰেশ্বি মিট এছ'চিয়েচনে এক বৈঠকত বহিছিল আৰু সেই বৈঠকৰ অন্তত তেওঁলোকক জানিবলৈ দিয়ে যে ১ অক্টোবৰৰ পৰা ছাগলী মাংস বিপণীসমূহত যোগান ধৰা নহ'ব ছাগলী মাংস ৷

সেই সময়ত প্ৰতিজন বিক্ৰেতাই নিজে গৈ এন ই চি ফুড প্ৰচেছিঙৰ পৰা মাংস আনি বিক্ৰী কৰিব লাগিব বুলি জানিবলৈ দিয়ে । তাৰবাবেই তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ।

Your Comments