৯-২০ নৱেম্বৰলৈ চানমাৰিত উত্তৰ-পূব গ্ৰন্থমেলা

৯-২০ নৱেম্বৰলৈ চানমাৰিত উত্তৰ-পূব গ্ৰন্থমেলা

বিভিন্ন প্ৰত্যাহ্বান নেওচি অহা ৯ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হ'ব ২০সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা । সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত আয়োজন কৰা এইবাৰ গ্ৰন্থমেলাখন উচ্ছৰ্গা কৰা হ'ব সাহিত্যিক চৈয়দ আব্দুল মালিক, ভবানন্দ দত্ত আৰু ডঃ প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম শতবাৰ্ষিকীৰ সোঁৱৰণত ।

ইফালে গ্ৰন্থমেলাখনৰ মূল মঞ্চখন উছৰ্গা কৰা হ'ব সমাজকর্মী খনিন্দ্ৰ চন্দ্ৰ দাসৰ সোঁৱৰণত । ইয়াৰ উপৰি এইবাৰ গ্ৰন্থমেলাৰ প্রেক্ষাগৃহ উচ্ছৰ্গা কৰা হ'ব ছবি পৰিচালক প্ৰয়াত মুনিন বৰুৱা, অভিনেতা বিজু ফুকন আৰু বাদল দাসৰ সোঁৱৰণত ।

এই কথা প্ৰকাশ কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই । আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত তেওঁলোকে লগতে জানিবলৈ দিয়ে যে অহা ১ নৱেম্বৰৰ দিনা ২০সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰা হ'ব ।

উক্ত অনুষ্ঠানত উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী, বিধায়ক অতুল বৰা আৰু আছুৰ বিপুল ৰাভা । অহা ৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগা এইবাৰৰ গ্ৰন্থমেলা শুভ উদ্বোধন কৰিব সাহিত্যিক য়েছে দৰ্জে থংচিয়ে ।

আনহাতে, উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মুখ্য অতিথি হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি হিচাপে ফেডাৰেচন অব্‌ পাব্লিছাৰ্চ  এণ্ড বুক ছেলাৰ্ছ ইণ্ডিয়াৰ সভাপতি আৰু উপ-সভাপতি ক্ৰমে এছ চি শেঠী, মানস শইকীয়া আৰু আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ।

গ্ৰন্থমেলা আয়োজক সমিতিয়ে সংবাদমেলযোগে জানিবলৈ দিয়া অনুসৰি এইবাৰো উত্তৰ-পূব গ্ৰন্থমেলাত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ মাজত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

মুঠ ১৫০টা প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব এইবাৰ গ্ৰন্থমেলাত । ইয়াৰে ১০টা প্ৰকাশক গোষ্ঠীয়ে এইবাৰ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে গ্ৰন্থমেলাত । দেশৰ লগতে বাংলাদেশৰ ৪টাকৈ প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব এইবাৰ গ্ৰন্থমেলাত ।

মুঠ ১১দিন ধৰি অনুষ্ঠিত হ'বলগা এই গ্ৰন্থমেলাত কাৰ্বি আংলঙৰ ডকমকাত ৰাইজৰ হাতত অকালতে মৃত্যুক আঁকোৱালি লোৱা দুই শিল্পী অভিজিত নাথ আৰু নিলোৎপল দাসৰ সোঁৱৰণত অনুষ্ঠিত হ'ব কুইজ প্ৰতিযোগিতা ।

ইফালে অহা ইং ৩০ অক্টোবৰৰ পুৱা ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিবলগা বিপণীসমূহৰ মাজত স্থান আৱণ্টনকৰণৰ বাবে লটাৰী ব্যৱস্থা কৰা বুলিও জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ।

Your Comments