অসম চৰকাৰে ৰীমা দাসক ১ কোটি টকা মোকলাই দিলে 

ss

অৱশেষত ৰীম দাসলৈ অসম চৰকাৰৰ ১ কোটি টকা মোকলাই দিয়ে । অস্কাৰ দৌৰত থকা বহু প্ৰত্যাশিত অসমীয়া ছবি 'ভিলেজ ৰকষ্টাৰ'লৈ চৰকাৰৰে সহায়ৰ হাতত আগবঢ়াই ১ কোটি টকা ঘোষণা কৰিছিল যদিও টকাখিনি মোকলাই দিয়া নাছিল । কিন্তু আজি অসম চৰকাৰৰে ঘোষণা কৰা ১ কোটি টকা পোনপটীয়াভাবে প্ৰদান কৰা হয় ছবিখনৰ পৰিচালক ৰীম দাসৰ বেংক একাউণ্টত প্ৰেৰণ কৰে । অসম চলচ্চিত্ৰ নিগমৰ বিত্তৰ নিগম আৰু উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাৰ প্ৰচেষ্টাত আজি চি এম আৰ অফৰ পৰা এছ বি আই, সচিবালয় শাখা পৰা দিয়া হয় ধনখিনি ।

aa

উল্লেখ যোগ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অস্কাৰৰ অফিচিয়েল এণ্টিত প্ৰৱেশ কৰাৰ পাছতে ছবিখন প্ৰচাৰৰ বাবে ৰীম দাসক ১ কোটি টকা দিয়া কথা ঘোষণা কৰিছিল । কিন্তু ঘোষণা কৰা পাছতো টকা নোপোৱাত ৰীম দাসে টকা নাপাই অসম বাসী ওচৰত ছবিখন প্ৰচাৰৰ বাবে সহায় বিচাৰি মংগলবাৰ দিনা ফেচবুকত এটা ষ্টেটাছ দিছিল । তাৰ পাছতে অসম চৰকাৰে ৰীম দাসলৈ মুকলি কৰি দিছে এই টকা ।

Your Comments