বৃহস্পতিবাৰে পুনৰ মুকলি আকাশৰ তললৈ ১৭জন ৰাজপত্ৰিত বিষয়া

aaa

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মীৰ অলফাজাৰৰ আদালতে জামিন মঞ্জুৰ কৰি মুকলি আকাশৰ তললৈ অহা পথ প্ৰশস্ত কৰি তুলিলে । এই বছৰৰ জুলাই ১৫ তাৰিখৰ দিনা ৰাজপত্ৰিত বিষয়াক আৰক্ষীয়ে আটক কৰিছিল হস্তাক্ষ নমুনা পৰীক্ষা কৰি । তেওঁলোকৰ ওপৰত চলি আছিল তদন্ত কিন্তু তদন্ত চলি থকা সময়তে আজি আদালতে আটাইকেইজনৰ এই জামিন মঞ্জুৰ কৰে ।

উল্লেখযোগ্য যে এই জামিন লাভ কৰা বিষয়া কেইজন হৈছে দৈথুন বৰগয়াৰী, গোলছন দাওলাগাপো, পল্লৱী শৰ্মা, সুখোভন দাস, মুস্তাফা আহমেদ বৰভূঞা, মানস প্ৰতিম হালৈ, দ্বীপশিক্ষা ফুকন, মুন মজুমদাৰ, ভাৰ্গব ফুকন, ঋতুৰাজ নেওগ, মণিকা তেৰংপি, বৰ্ণালী দেৱী, লিনা কৃষ্ণ কাকতি, মঞ্জু ইলাহী লস্ক, চাইবোৰ ৰহমান বৰভূঞা, গণেশ চন্দ্ৰ দাস, শ্ৰাৱন্তী সেন গুপ্তা ৷ উল্লেখ যোগ্য যে জামিন লাভ কৰা পল্লৱী শৰ্মা তেজপুৰৰ বৰ্তমানৰ সাংসদ আৰ পি শৰ্মা কন্যা। ইফালে ইয়াৰ পূৰ্বে জামিন লাভ কৰিছিল ২১ গৰাকী দুৰ্নীতিগ্ৰস্ত ৰাজপত্ৰিত বিষয়াই । এতিয়াও মুঠ জামিন লাভ কৰা ৰাজপত্ৰিত বিষয়া সংখ্যা হল গৈ ৩৮জন ।

Your Comments