বাস্তুশাস্ত্ৰ মতে ভাৰতীয় মুদ্ৰাৰ প্ৰতীক শুভ নহয় : ৰি-বিল্ড নৰ্থ-ইষ্ট

বাস্তুশাস্ত্ৰ মতে ভাৰতীয় মুদ্ৰাৰ প্ৰতীক শুভ নহয় : ৰি-বিল্ড নৰ্থ-ইষ্ট

বাস্তুশাস্ত্ৰ মতে ভাৰতীয় মুদ্ৰাৰ প্ৰতীক শুভ নহয় : ৰি-বিল্ড নৰ্থ-ইষ্ট

ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য দ্ৰুতগতিত হ্ৰাস পোৱা বিষয়টোৱে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়ত টকাৰ মূল্যৰ এই অৱনমন ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সকলোবোৰ চেষ্টা ইতিমধ্যে ব্যৰ্থ হৈছে

তাৰফলত আজি ভাৰতীয় টকাৰ মূল্যই সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি প্ৰতি ডলাৰৰ বিপৰীতে ৭৪ টকা অতিক্ৰম কৰিছে । যি নেকি দেশৰ অর্থনীতিৰ বাবে ব্যাপক ক্ষতি ।

আজি গুৱাহাটী প্ৰেছ ক্লাবত ৰি-বিল্ড নৰ্থ-ইষ্ট নামৰ এক বিনামূলীয়া বাস্তু পৰামর্শদাতাই ইয়াৰ প্ৰকৃত কাৰণ কি জনাবলৈ এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেল আয়োজন কৰি ৰি-বিল্ড নৰ্থ-ইষ্টৰ সভাপতি ৰাজকুমাৰ ঝাঝৰীয়ে সাংবাদিকৰ আগত বৰ্ণনা দি কয় যে ডলাৰ তুলনাত টকাৰ মূল্য নিম্নগ্রামী হোৱাটো বাস্তু দোষ ।

ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁলোকে কয় যে ২০১০ চনত ভাৰত চৰকাৰে মুদ্ৰাৰ নতুন প্ৰতীকটো ব্যৱহাৰ কৰা পাছৰে পৰা টকাৰ মূল্য দ্ৰুত হাৰত অৱনমিত হৈ আছে । কাৰণ মুদ্ৰাৰৰ পূৰ্বৰ প্ৰতীকটো আছিল সিন্ধী 'ৰ' বৰ্ণটোৰ দৰে । কিন্তু নতুন প্ৰতীকটো বাস্তুৰ মতে শুভ প্ৰতীক নহয় ।

কাৰণ এই প্ৰতীকটোৰ মাজত যি এডাল ৰেখা টানি ওপৰটো কাটি দিয়া হৈছে, সেইবাবে ভাৰতীয় টকাৰ মূল্য এতিয়া নিম্নগামী হৈছে । এই নিম্নগামী ধাৰা তেতিয়ালৈকে হৈ থাকিব, যেতিয়ালৈকে ভাৰতীয় মুদ্ৰাৰ প্ৰতীকটো পূৰ্বৰ সিন্ধী 'ৰ' বৰ্ণটো নকৰিব বুলিও তেওঁলোকে উল্লেখ কৰে ।

লগতে তেওঁলোকে কয় যে যদি সিন্ধী 'ৰ' বৰ্ণটো ব্যৱহাৰ কৰে তেতিয়া সেইটো এটা দৌৰিবলৈ সাজু হৈ থকা এজন দৌৰবিদৰ দৰে দেখিবলৈ হ'ব আৰু তেতিয়া ভাৰতীয় টকাৰ মূল্য বৃদ্ধি হ'ব বুলিও উল্লেখ কৰে ।

তেওঁলোকে এই সম্পৰ্কত পূৰ্বৰ কংগ্ৰেছৰ প্ৰধান মন্ত্ৰী ডঃ মনমোহন সিঙলৈ দুবাৰ পত্ৰ দিছিল যদিও তেওঁলোকৰ বাস্তু বিধান মানি নল'লে । তাৰফলত টকাৰ মূল্য আজি দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰিছে ।

তেওঁলোকে লগতে এইবুলিও জনায় যে বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও তেওঁলোকে এখন চিঠি দিছে মুদ্ৰাৰ প্ৰতীকটো সলনি কৰিবলৈ আৰু তেওঁলোকে বিধান দিয়া প্ৰতীকটো ব্যৱহাৰ কৰিবলৈ ৷

কিন্তু প্ৰধান মন্ত্ৰীগৰাকীয়ে কোনো গুৰুত্ব নিদিয়াত আজি ৬ বছৰত টকাৰ মূল্য ৩০ টকা কৈ হ্ৰাস পাবলগা হৈছে বুলিও মন্তব্য কৰে ।

সেইবাবে সংবাদমেলৰ জৰিয়তে তেওঁলোকৰ দাবী, ভাৰতীয় মুদ্ৰাৰ প্ৰতীকটো সলনি কৰিব লাগে ৷ তেতিয়াহে টকাৰ মূল্য ঊৰ্ধ্বগামী হ'ব ।

Your Comments