মূল্যবৃদ্ধিৰ প্ৰতিবাদত কমিউনিষ্ট পাৰ্টীৰ বিক্ষোভ কাৰ্যসূচী

মূল্যবৃদ্ধিৰ প্ৰতিবাদত কমিউনিষ্ট পাৰ্টীৰ বিক্ষোভ কাৰ্যসূচী

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগতে যাত্ৰীবাহী বাছৰ ভাড়া বৃদ্ধিৰ বিৰোধিতা কৰি আজি গুৱাহাটী মহানগৰীত ভাৰতীয় কমিউনিষ্ট পাৰ্টী আৰু নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন, গুৱাহাটী মহানগৰ সমিতিয়ে এক বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

মূল্যবৃদ্ধিৰ প্ৰতিবাদত কমিউনিষ্ট পাৰ্টীৰ বিক্ষোভ কাৰ্যসূচী

মহানগৰীৰ গুৱাহাটী ক্লাবৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীৰ লগতে চি পি আই দলৰ মহানগৰ জিলা পৰিষদৰ একাংশ বিষয়ববীয়াই । তেওঁলোকৰ দাবী, পেট্ৰ'ল-ডিজেলৰ ওপৰত আৰোপ কৰা কৰৰ পৰিমাণ ১০ টকাকৈ প্ৰতি লিটাৰ হ্ৰাস কৰা আৰু মহানগৰীত চলাচল কৰা চিটী বাছ আৰু দূৰণিবটীয়া যাত্ৰীবাহী বাছৰ ভাড়া ৩০ শতাংশ বৃদ্ধিৰ প্ৰত্যাহাৰ কৰা ।

মূল্যবৃদ্ধিৰ প্ৰতিবাদত কমিউনিষ্ট পাৰ্টীৰ বিক্ষোভ কাৰ্যসূচী

ইয়াৰ উপৰি চিটী বাছসমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে ৭০ শতাংশ ভাড়া ৰেহাই দিয়াৰ লগতে প্ৰতিবন্ধী, বৃদ্ধসকলৰ চিটী বাছৰ ভাড়া ন্যূনতম ৫ টকা বাহাল ৰখাৰ দাবীৰে পৰিবেশ উত্তাল কৰি তোলে ।

মূল্যবৃদ্ধিৰ প্ৰতিবাদত কমিউনিষ্ট পাৰ্টীৰ বিক্ষোভ কাৰ্যসূচী

ইয়াৰ উপৰি কেৰাচিনমুক্ত অসমৰ শ্লোগান অতি সোনকালে প্ৰত্যাহাৰ কৰি সুলভ মূল্যৰ দোকানৰ জৰিয়তে কেৰাচিন যোগান অব্যাহত ৰখাৰো দাবী জনায় ।

মূল্যবৃদ্ধিৰ প্ৰতিবাদত কমিউনিষ্ট পাৰ্টীৰ বিক্ষোভ কাৰ্যসূচী

ভাৰতীয় কমিউনিষ্ট দলৰ মহানগৰ জিলা পৰিষদৰ সম্পাদক চক্ৰেশ্বৰ কলিতাই জানিবলৈ দিয়ে যে প্ৰতিবাদৰ অন্তত কামৰূপ মেট্ৰ' জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ তেওঁলোকৰ দাবীসম্বলিত এক স্মাৰক-পত্ৰ প্ৰদান কৰে ।

Your Comments