পৰমশংস দাসদেবক গ্ৰেপ্তাৰৰ প্ৰতিবাদত গুৱাহাটীত প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ

ss

সংসদত আইন প্ৰণয়ন কৰি ৰামৰ জন্মভূমিত ৰামমন্দিৰ নিৰ্মান কৰাৰ প্ৰতিবাদ জনক যোৱা ১ অক্টোবৰ পৰা পৰা অনশনত কাৰ্যসূচী গ্ৰহণ কৰিছিল সাধু-মহন্তৰ পৰমশংস দাসদেবে । কিন্তু উত্তৰ প্ৰদেশৰ পুলিচে অনশনস্থলি পৰা দাসদেৱক যোৱা ৰাতি ১১.৪৫ বজাত জোৰ জুলুম কৈ উঠাইনি গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰতিবাদ জনাইছে ৰাষ্ট্ৰীয় বজৰং দল আৰু আন্তৰাষ্ট্ৰীয় সিন্ধু পৰিষদে ।

ss

সমগ্ৰ দেশৰ লগতে আজি গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গ'ল প্ৰতিবাদী কাৰ্যসূচী আৰু প্ৰধান মন্ত্ৰী পুত্তলিকা দাহ কাৰ্যসূচী । সংগঠন দুটা দাবী এখন সম্পূৰ্ণ হিন্দুত্ববাদী চৰকাৰ থকা পাছতো ৰাম মন্দিৰৰ হৈ মাত মতাতো অপৰাধ হোৱাটো দুৰ্ভাগ্যজনক কথা । ৰাষ্ট্ৰপ্ৰতি, ৰাজ্যপালৰ পৰা প্ৰধান মন্ত্ৰী, মুখ্য মন্ত্ৰীলৈকে সকলো বিজেপিৰ নেতা থকা পাছতো ৰাম মন্দিৰ নিৰ্মান নকৰি এই বিষয়টোত এটা ৰাজনৈতিক বিষয় হিচাপে জীয়াই ৰাখিছে বিজেপি চৰকাৰখনে এই অভিযোগ আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ গুৱাহাটী জিলা সমিতি সভাপতি অচ্যুত শৰ্মাৰ ।

তেওঁ লগতে দাবী কৰে বিজেপি চৰকাৰখনে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অতি সোনকালে কাৰ্যত ৰূপায়ণ কৰি ৰামৰ জন্মভূমিত অতি সোনকালে নিৰ্মাণ কৰক ৰাম মন্দিৰ নহ'লে ইয়াৰ ফল আগন্তক নিৰ্বাচনত ভুগিব লাগিব বুলিও মন্তব্য কৰে । লগতে এই কথাও কয় অহা ২১ অক্টোবৰৰ দিনা আন্তৰাষ্টীয় হিন্দু পৰিষদে ৰামৰ জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ দাবীত লক্ষ্ণৌৰ পৰা অযোধ্যালৈ যি ১২০ কিঃমিঃ পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে তাত অসমৰ পৰা চাৰি হাজাৰ ৰামভক্তই অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ।

Your Comments