এন আৰ চিৰ পৰা নাম বাদ পৰাৰ অভিযোগত জনগোষ্ঠীয় সুৰক্ষা সমিতিৰ বিক্ষোভ

aa

১৯৬৪ চনৰ পৰা ১৯৭০ চনলৈ বাংলাদেশৰ পৰা শৰণাৰ্থী হিচাপে অসমত প্ৰৱেশ কৰি বসবাস কৰি অহা কেইবা হাজাৰ হাজং, কোচ, গাৰো, ডালু, বানাই আৰু বঙালী জনগোষ্ঠীৰ লোকৰ নাম সদ্য প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নোহোৱাৰ প্ৰতিবাদ জনাই আজি গুৱাহাটীৰ এন আৰ চি মুখ্য কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্রদর্শন কৰে ১৯৬৪ চনৰ জনগোষ্ঠীয় সুৰক্ষা সমিতিয়ে । বিক্ষোভ প্রদর্শন কৰি তেওঁলোকে এক সংবাদমেল সম্বোধন কৰে গুৱাহাটী প্ৰেছ ক্লাবত ।

সংবাদমেলত উপস্থিত থাকে সমিতিৰ সভাপতি ৰথীন্দ কোচ, উপদেষ্টা ননী দাস, সম্পাদক অজিত কুমাৰ ডালোকে আদি কৰি সংগঠনটোৰ ভালেসংখ্যক সদস্য । সংবাদমেল আয়োজন কৰি তেওঁলোকৰ দাবী, ১৯৬৪ পৰা ১৯৭০ চনৰ ভিতৰত যিসকল জনগোষ্ঠীয় মানুহ শৰণাৰ্থী হিচাপে আহি অসমত আশ্ৰয় লৈ অসমক এতিয়া নিজৰ মাতৃভূমি বুলি গণ্য কৰে, অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰে, অসমীয়া সংষ্কৃতিক নিজৰ সংস্কৃতি হিচাপে আঁকোৱালি লৈছে তেওঁলোকক এন আৰ চিত নামভৰ্তি কৰা সুবিধা প্ৰদান কৰিব লাগে ।

aa

কাৰণ এইসকল লোক ১৯৬৪ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত অসমলৈ অহা বুলি চৰকাৰৰ শৰণাৰ্থীৰ প্ৰমাণ-পত্ৰ আছে ৷ কিন্তু তেওঁলোকৰ এই প্ৰমাণ-পত্ৰখনৰ বাহিৰে বৰ্তমান সময়ত এন আৰ চিত প্ৰয়োজন হোৱা এখনো প্ৰমাণ-পত্ৰ নাই, যাৰবাবে তেওঁলোকে এন আৰ চিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই । আনকি এইসকল লোকৰ ভোটাৰ তালিকাতো নাম অন্তৰ্ভুক্ত আছে । ইয়াৰ উপৰি এইসকল লোকক চৰকাৰীভাৱে মাটিও প্ৰদান কৰা হৈছে ১ৰ পৰা ৭ বিঘা পৰ্যন্ত । কিন্তু তেওঁলোকক প্ৰদান কৰা নাই ভূমিপট্টা যাৰবাবে তেওঁলোকে এতিয়া এন আৰ চি প্ৰয়োজনীয় নথি জমা দিয়াত সমস্যাত পৰিছে ।

কেৱল গোৱালপাৰা জিলাতেই প্ৰায় ৩০ হাজাৰতকৈ অধিক এনে জনগোষ্ঠীয় লোক এন আৰ চিৰ পৰা বাদ পৰাৰ উপক্ৰম হৈছে । ইয়াৰ উপৰি অসমৰ প্ৰতিখন জিলাতে এই জনগোষ্ঠীয় লোকসকল আছে ৷ তেওঁলোকেও এই একে সমস্যাৰ এই সন্মুখীন হৈ আছে । প্ৰায় ৪ৰ পৰা ৫ লাখ এইধৰণৰ জনগোষ্ঠীয় লোক আছে বুলি সমিতিখনে উল্লেখ কৰে । সেইবাবে সংবাদমেলৰ জৰিয়তে সমিতিৰ দাবী, এই লোকসকলৰ যিহেতু শৰণাৰ্থীৰ প্ৰমাণ-পত্ৰখনৰ বাহিৰে অন্য একো নাই, সেইবাবে ন্যায়ালয়ে এইসকল লোকক সকাহ দিব লাগে শৰণাৰ্থীৰ প্ৰমাণ-পত্ৰৰ ভিত্তিত । সেই সম্পৰ্কত তেওঁলোকে এক স্মাৰক-পত্ৰও প্ৰদান কৰে প্ৰতীক হাজেলালৈ ৷

Your Comments