আজিৰে পৰা মহানগৰীত চিটী বাছৰ ভাড়া বৃদ্ধি

আজিৰে পৰা মহানগৰীত চিটী বাছৰ ভাড়া বৃদ্ধি

সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাই আজিৰে পৰা মহানগৰীত বৃদ্ধি হ'ল চিটী বাছৰ ভাড়া । ইন্ধনৰ মূল্যবৃদ্ধিৰ সুযোগ লৈ ৩০ শতাংশকৈ বৃদ্ধি হ'ল মহানগৰীৰ প্ৰতিখন যাত্ৰীবাহী গাড়ীৰ ভাড়া ।

সেই অনুযায়ী এতিয়া আপুনি চিটীবাছত ভৰি থলেই দিব লাগিব পূৰ্বৰ ৫ টকাৰ ঠাইত এতিয়া ৭ টকা । মহানগৰীত এতিয়া চিটী বাছৰ ভাড়াৰ তালিকাখন এনেধৰণৰ- ০-৩ কিঃমিঃত আপুনি দিব লাগিব ৭ টকা । ৩-৫ কিঃমিঃত দিব লাগিব ৮ টকা ।

৫-৯ কিঃমিঃত ১২টকা, ৯-১৩ কিঃমিঃত ১৫ টকা, ১৩-১৭ কিঃমিঃত ১৮টকা, ১৭-২১ কিঃমিঃত ২১ টকা আৰু ২১-২৫ কিঃমিঃত আপুনি দিব লাগিব ২৩ টকা ভাড়া । উল্লেখ্য যে সদৌ অসম মটৰ পৰিবহণ সন্থাই ভাড়া বৃদ্ধিৰ দাবী জনাই অহাৰ পাছত পৰিবহণ বিভাগে এই মূল্য নিৰ্ধাৰণ কৰি দিছে ।

কিন্তু ৰাইজৰ অভিযোগ, চিটী বাছত ভাড়া বৃদ্ধি হ'ল ঠিকেই, কিন্তু আজিও মহানগৰীৰ চিটী বাছত যাত্ৰীক দিয়া নাই টিকট ।

এতিয়া পাৰিবনে পৰিবহণ বিভাগে এইসমূহ চিটী বাছক নাকী লগাব ?

Your Comments