মহানগৰীৰ ভাস্কৰ নগৰ পূজা সমিতিৰ ব্যতিক্ৰমী দুৰ্গাপূজাৰ আয়োজন

মহানগৰীৰ ভাস্কৰ নগৰ পূজা সমিতিৰ ব্যতিক্ৰমী দুৰ্গাপূজাৰ আয়োজন

পূজালৈ মাজত মাথোঁ আৰু এটা সপ্তাহ বাকী । ইতিমধ্যে প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে দুৰ্গাপূজা ব্যাপক প্ৰস্তুতি । মহানগৰীত এইবাৰ ৪৫০খনৰো অধিক পূজা আয়োজন কৰা হৈছে ।

এইবাৰ মহানগৰীত ৪৫০খনৰো অধিক পূজাৰ ভিতৰত একক আৰু অনন্য ৰূপত জিলিকি উঠিব কালাপাহাৰ ভাস্কৰ নগৰ সাৰ্বজনীন দুৰ্গাপূজা । সোণালী জয়ন্তী বর্ষ অতিক্ৰম কৰিবলৈ মাজত মাথোঁ এটা বছৰ অৰ্থাৎ ৪৯ বছৰত ভৰি দিয়া পূজা সমিতিখনে এইবাৰ দুৰ্গাপূজাক প্ৰাক্‌-সোণালী জয়ন্তী বর্ষ হিচাপে আয়োজন কৰিছে ।

মহানগৰীৰ ভাস্কৰ নগৰ পূজা সমিতিৰ ব্যতিক্ৰমী দুৰ্গাপূজাৰ আয়োজন

এই কথা প্ৰকাশ কৰিছে ভাস্কৰ নগৰ সাৰ্বজনীন দুৰ্গাপূজা আয়োজক সমিতিয়ে এক সংবাদ মেলৰ জৰিয়তে । সংবাদমেল আয়োজন কৰি পূজা সমিতিখনৰ সদস্য প্ৰাণজিৎ ক'ৰে সাংবাদিকৰ আগত কয় যে ৪৯ বছৰত ভৰি দিয়া পূজা সমিতিখনে এইবাৰ ভাৰতবৰ্ষৰ প্ৰয়াত প্ৰধান মন্ত্ৰী 'লাল বাহাদুৰ শাস্ত্ৰী'ৰ বিখ্যাত বাণী 'জয় জোৱান জয় কিষাণ'ৰ আৰ্হিত পূজা মণ্ডপখন সাজি উলিয়াইছে ।

কলকাতাৰ পৰা অনা ৫গৰাকী ডিজাইনাৰৰ সহায়ত অসমৰ স্থানীয় শিল্পীসকল নিয়োজিত হৈ আছে পূজা মণ্ডপখন প্ৰস্তুত কৰাত । ইয়াৰ উপৰি পূজাস্থলীত সাজি উলিওৱা হৈছে দিল্লীৰ ইণ্ডিয়া গে'টৰ অমৰ জোৱান জ্যোতি, জোৱানসকলে ব্যৱহাৰ কৰা যুদ্ধ বিমানবাহী জাহাজৰ লগতে বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ আৰ্হি । ইয়াৰ লগতে পূজা মণ্ডপখনত এইবাৰ দেখিবলৈ পাব মাদুৰ্গাক এহাল ষাঁড় গৰুৱে গাড়ীৰে আগুৱাই আনিবলৈ যোৱা দৃশ্য প্ৰতিফলিত হ'ব পূজাখনত ।

মহানগৰীৰ ভাস্কৰ নগৰ পূজা সমিতিৰ ব্যতিক্ৰমী দুৰ্গাপূজাৰ আয়োজন

ইয়াৰ উপৰি ইণ্ডিয়া গে'টত ২৬ জানুৱাৰীৰ পেৰেডৰ আৰ্হিও প্ৰদৰ্শন কৰিব পূজা সমিতিখনে । দেৱীক আদৰণি জনাবলৈ ৰৈ থকা ষাঁড় গৰুহালৰ উচ্চতা ১২ ফুট । প্ৰতি বছৰৰ দৰে এইবাৰো পূজা সমিতিখনে তেওঁলোকৰ বছৰেকীয়া আলোচনী সৰন্ময়ী নৱ কলমেৰে পাঠকসকলৰ বাবে প্ৰস্তু কৰি উলিয়াইছে ।

লগতে এইবাৰ ভাস্কৰ নগৰৰ পূজাত উপস্থিত থাকিব ৰাজ্যপাল জগদীশ মুখী । উল্লেখ্য যে যোৱা এইবাৰ পূজা সমিতিখনৰ মুঠ বাজেট হৈছে ২৫ লাখ । প্ৰতি বছৰৰ দৰে পূজা সমিতিখনে এইবাৰো মুঠ বাজেটৰ ৩০ শতাংশ ধন সামাজিক উন্নয়নৰ কামত ব্যয় কৰিব বুলি জানিবলৈ দিছে পূজা সমিতিখনে ।

মহানগৰীৰ ভাস্কৰ নগৰ পূজা সমিতিৰ ব্যতিক্ৰমী দুৰ্গাপূজাৰ আয়োজন

নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পূজা সমিতিখনে এইবাৰ ২০টা চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰাৰ লগতে প্ৰাথমিক চিকিৎসাৰ বাবে স্বাস্থ্য সেৱাও ব্যৱস্থা কৰিছে । লগতে তেওঁলোকে সংবাদমেলত জানিবলৈ দিয়ে যে প্ৰতি বছৰৰ দৰে এইবাৰো পূজা সমিতিখনে তেওঁলোকৰ ফালৰ পৰা সুলভ মূল্যত খাদ্যসম্ভাৰৰ ব্যৱস্থা কৰিছে প্ৰতিগৰাকী ভক্তৰ বাবে ।

যাৰ মূল্য হ'ব ৪০ টকা আৰু জ্যেষ্ঠসকলৰ বাবে নিৰ্ধাৰণ কৰিছে ২০ টকা । নিৰাপত্তাৰ দিশটোৰ বাবে তেওঁলোকে নিজাববীয়াকৈ সুৰক্ষাৰ ব্যৱস্থা কৰিছে । উল্লেখ্য যে যোৱা বর্ষত তেওঁলোকৰ বাজেট আছিল ১৩ লাখ টকা ।

Your Comments