এ পি এছ চি কেলেংকাৰীত অভিযুক্ত আৰু ৫জনক জামিন

এ পি এছ চি কেলেংকাৰীত অভিযুক্ত আৰু ৫জনক জামিন

দেশ কঁপোৱা এ পি এছ চি কলংকাৰীত জড়িত আৰু ৫ অভিযুক্তৰ জামিন মঞ্জুৰ । সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰা ৰাজপত্ৰিত বিষয়াসকল হৈছে হিমাংশু চৌধুৰী, অনিৰুদ্ধ ৰয়, ৰাজু চাহু, জয়ন্ত নাথৰ লগতে আৰু এজন অভিযুক্ত ৰাজপত্ৰিত বিষয়াৰ জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে ।

উল্লেখ্য যে আদালতে আজি ৫জনৰ জামিন মঞ্জুৰ কৰাৰ পাছত আন দুজন অভিযুক্ত ক্ৰমে জয়দেৱ মহন্ত আৰু নিশামণি ডেকাৰ জামিন নাকচ কৰে । তেওঁলোকৰ জামিনৰ পৰৱৰ্তী শুনানি ন্যায়ালয়ে ধায্য কৰিছে অহা বৃহস্পতিবাৰে ।

উল্লেখ্য যে আজি মুক্তি পোৱা ৫গৰাকী ৰাজপত্ৰিত বিষয়াৰ সৈতে এতিয়ালৈকে মুকলি আকাশৰ তললৈ অহা বিষয়াৰ সংখ্যা হৈছে ১৭জন ।
 

Your Comments