ব্ৰহ্মপুত্ৰত পুনৰ নাও দুৰ্ঘটনা : কথমপি প্ৰাণৰক্ষা যাত্ৰীৰ

ব্ৰহ্মপুত্ৰত পুনৰ নাও দুৰ্ঘটনা : কথমপি প্ৰাণৰক্ষা যাত্ৰীৰ

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ ভূটভূটি দুৰ্ঘটনাগ্ৰস্ত । উত্তৰ গুৱাহাটীলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় ভূটভূটিখন । উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ মন্দিৰৰ ওচৰত সংঘটিত এই দুৰ্ঘটনাত যাত্ৰীসকলক নিৰাপদে উদ্ধাৰ কৰা হয় যদিও ভূটভূটিখন ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় ।

উল্লেখ্য যে যোৱা ৫ ছেপ্টেম্বৰ তাৰিখে ব্ৰহ্মপুত্ৰৰ বুকুত উত্তৰ গুৱাহাটীলৈ গৈ থকা অৱস্থাত এখন যাত্ৰীবাহী ভূটভূটি দুৰ্ঘটনাগ্ৰস্ত হৈ ৪জন লোকৰ মৃত্যু হৈছিল ৷

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ এমাহ সম্পূৰ্ণ হোৱাৰ সময়তে পুনৰ ভয়ংকৰ দুর্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল ভূটভূটিখনত থকা যাত্ৰীসকলৰ ।

Your Comments