শিল্পী কিশোৰ গিৰিৰ দেহাৱসান

শিল্পী১কিশোৰ১গিৰিৰ১দেহাৱসান

শিল্পী কিশোৰ গিৰিৰ আজি দেহাৱসান ঘটে ৷ মহানগৰীৰ খাৰঘুলিৰ নিজা বাসভৱনত আজি মৃত্যু হয় শিল্পীগৰাকীৰ । হৃদৰোগত আক্রান্ত হৈ আজি দিনৰ ১২ বজাত মৃত্যু হয় শিল্পীগৰাকীৰ । সংগীতৰ জৰিয়তে সদায় বিভিন্ন সমস্যা সমাধানৰ দাবী জনাই অহা এগৰাকী প্ৰতিবাদী শিল্পী হিচাপে পৰিচিত আছিল কিশোৰ গিৰি ।

উল্লেখ্য যে আজি কিছু দিনৰ আগতে ৰীমা দাসৰ অস্কাৰৰ দৌৰত থকা বহুল চৰ্চিত 'ভিলেজ ৰকষ্টাৰ্ছ' ছবিখনৰ বাবেও অৰ্থ-সাহায্য বিচাৰি অকলেই ওলাই আহিছিল ৰাজপথলৈ । মহানগৰীৰ ৰাজপথত ছবিখনৰ বাবে জনসাধাৰণক ওলাই আহিবলৈ আহ্বান জনাইছিল শিল্পীগৰাকীয়ে ।

শিল্পীগৰাকীয়ে সদায় সমাজত চলি থকা ব্যাভিচাৰবোৰ নিৰ্মূল কৰাৰ বাবে সংগীতৰ জৰিয়তেই চলাইছিল সজাগতা অভিযান । শিল্পীগৰাকীৰ আকস্মিক মৃত্যুত অসমৰ শিল্পী সমাজৰ লগতে সমগ্ৰ অসমে এজন জাতীয়তাবাদী-প্ৰতিবাদী শিল্পীক হেৰুৱালে । 

Your Comments