কটন বিশ্বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা : সাধাৰণ সম্পাদকত জয়ী প্ৰাঞ্জল কলিতা

কটন বিশ্বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

শনিবাৰে অনুষ্ঠিত হোৱা কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা । এইবাৰৰ নিৰ্বাচনত ১৬টা বিভাগৰ বাবে ৪৮জন প্ৰাৰ্থীয়ে ভোট যুদ্ধত অৱতীৰ্ণ হৈছিল । ইয়াৰে সভাপতি হিচাপে নিৰ্বাচিত হয় নিৰ্দলীয় প্ৰাৰ্থী ব্ৰজেন ফুকন ।

কটন বিশ্বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা : সাধাৰণ সম্পাদকত জয়ী প্ৰাঞ্জল কলিতা

এইবাৰ নিৰ্বাচনত সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মুঠ ৪জন প্ৰাৰ্থীয়ে । আনহাতে, উপ-সভাপতি পদত নিৰ্বাচিত হয় ভায়লিনা ডেকা ৷ কিন্তু নিৰ্দলীয় প্ৰাৰ্থী সঞ্জয় ডেকাৰ সমৰ্থকসকলে ভোট গণনাত খেলি-মেলি হোৱাৰ অভিযোগ তোলাৰ বাবে আজি পুনৰ অনুষ্ঠিত হ'ব উপ-সভাপতি পদৰ ভোট গণনা ।

মুঠ ৪জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল এই পদটোত । সাধাৰণ সম্পাদকৰ পদত জয়ী হয় বিশ্ববিদ্যালয়খনৰ এম এন ডি পি ছাত্ৰাৱাসৰ ছাত্ৰ মুক্তি সমৰ্থিত প্ৰাৰ্থী প্ৰাঞ্জল কলিতা । মুঠ ৪গৰাকী প্ৰাৰ্থীয়ে সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ।

কটন বিশ্বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা : সাধাৰণ সম্পাদকত জয়ী প্ৰাঞ্জল কলিতা

সহঃ সাধাৰণ সম্পাদকৰ পদত জয়ী হয় আছু সমৰ্থিত প্ৰাৰ্থী মধুস্মিতা দাস । তেওঁ মুঠ ৩গৰাকী প্ৰাৰ্থীক পৰাজিত কৰি সহঃ সম্পাদক হিচাপে নিৰ্বাচিত হয় । একেদৰে আলোচনী সম্পাদকৰ পদত জয়ী হয় আছু সমৰ্থিত প্ৰাৰ্থী গীতাৰ্থ দাস ।

গীতাৰ্থই ৩গৰাকী প্ৰাৰ্থীক পৰাস্ত কৰি কটনিয়ানৰ সম্পাদক পদত জয়ী হয় । আনহাতে, সাংস্কৃতিক সম্পাদক পদত জয়ী হয় আছু সমৰ্থিত প্ৰাৰ্থী যোগ্যজ্যোতি সোণোৱাল ৷ কিন্তু এই পদটোতো ভোট গণনাত খেলি-মেলি হোৱাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে ৷

কটন বিশ্বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা : সাধাৰণ সম্পাদকত জয়ী প্ৰাঞ্জল কলিতা

তাৰ ফলশ্ৰুতিতেই আজি পুনৰ ভোট গণনা আৰম্ভ হ'ব এই পদটোৰ বাবেও । মুঠ ৩জন প্ৰাৰ্থীয়ে পদটোৰ বাবে আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা। । ইয়াৰ উপৰি তৰ্ক বিভাগত হিৰকজ্যোতি ডেকা, সমাজ সেৱা বিভাগত সঞ্চিতা দাস, ছাত্ৰী জিৰণি কোঠা সম্পাদিকা বিভাগত মনীষা শৰ্মা, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত ঋষিৰাজ ডেকা, সাধাৰণ খেল বিভাগত ৰমেন বড়ো, সংগীত বিভাগত প্ৰতীক্ষা গগৈয়ে জয়ৰ হাঁহি মাৰে ।

কটন বিশ্বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা : সাধাৰণ সম্পাদকত জয়ী প্ৰাঞ্জল কলিতা

উল্লেখ্য যে এইবাৰ বিশ্ববিদ্যালয়খনত মুঠ ভোটাৰ আছিল ৫,৭৮৩গৰাকী । তাৰে নিৰ্বাচনত ভোটদান কৰিছিল ৩,৩৫৫গৰাকী ভোটাৰে । শনিবাৰে নিশা প্ৰায় ২ বজালৈকে অনুষ্ঠিত হৈছিল ভোট গণনা ।

সক্ৰিয় ৰাজনীতিৰ কঠীয়াতলি হিচাপে চিহ্নিত হোৱা কটনৰ এইবাৰ নিৰ্বাচন বিশ্ববিদ্যালয় হিচাপে দ্বিতীয়টো ছাত্ৰ একতা সভাৰ নিৰ্বাচন ।

Your Comments