সুখবৰ : চলিত মাহৰ পৰাই গুৱাহাটী-উত্তৰ গুৱাহাটী জলপথত চলিব নতুন ফেৰী

সুখবৰ : চলিত মাহৰ পৰাই গুৱাহাটী-উত্তৰ গুৱাহাটী জলপথত চলিব নতুন ফেৰী

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীবাসীৰ বাবে সুখবৰ । এই মাহৰ পৰাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে চলাব নতুন ফেৰী । ২ কোটি টকা ব্যয় কৰি ইতিমধ্যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ক্ৰয় কৰিছে এখন অত্যাধুনিক ফেৰী ।

যিখন ফেৰীয়ে এতিয়া ৯ মিনিটত পাৰ হ'ব পাৰিব ব্ৰহ্মপুত্ৰ । অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা ফেৰীখনৰ দৈৰ্ঘ্য হৈছে ২৮ মিটাৰ । ১৫০জন যাত্ৰীয়ে একেলগে পাৰ হ'ব পৰা ফেৰীখনত আছে ৮০খন মটৰচাইকেল আৰু ৩খন চাৰিচকীয়া বাহন বহন কৰিব পৰা ক্ষমতা ।

এই কথা জনালে অসম জল পৰিবহণ বিভাগে । ইয়াৰ উপৰি আভ্যন্তৰীণ জল পৰিবহণে জনোৱা মতে অহা নৱেম্বৰ মাহৰ পৰা আৰু দুখন নতুন ফেৰী চলিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ।

Your Comments